Breaking

চীনৰ বুলেটৰ প্ৰত্যুত্তৰ : চীনা সামগ্ৰী বৰ্জনৰ আহ্বান ‘থ্ৰী ইডিয়ট’ খ্যাত ছোনম ৱাংচুকৰ ।

0 43

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা

লাডাখত চীনৰ আগ্ৰাসনৰ বিপৰীতে সেই দেশৰ পণ্য বৰ্জনৰ আহ্বান কৰিছে ‘থ্ৰী ইডিয়ট’ খ্যাত ছোনম ৱাংচুকে ৷ তেওঁৰ আহ্বানৰ উপৰি ‘টিকটক’ এপৰ পৰা আঁতৰি আহিল অভিনেতা তথা মডেল মিলিন্দ ছুমন ৷ লগতে দিলে চীনা পণ্য বৰ্জনৰ আহ্বান ৷ চীনৰ প্ৰতিষ্ঠানবোৰে ভাৰতত ব্যৱসায় কৰিছে ৷ তেওঁলোকৰ পৰিসেৱা ব্যৱহাৰ কৰিছে এই দেশৰ নাগৰিকে ৷ সেই টকাৰে চলাইছে চীনৰ সেনা বাহিনী ৷ শিক্ষা সংস্কাৰক ছোমন ৱাংচুকেৰ ভিডিঅ’ বাৰ্তাত চীনৰ বুলেটৰ প্ৰত্যুত্তৰ দিছে ৷ এই ভিডিঅ’টো টুইট কৰি ছুপাৰ মডেল মিলিন্দ ছুমনে লিখিছে, টিকটক এৰিলো ৷ Boycott Chinese Products ৷ উল্লেখ্য যে এটা গৱেষণাত দেখা গৈছে যে চীনৰ এপ টিকটকৰ সবাতোকৈ বেছি ব্যৱহাৰকাৰী ভাৰতীয়৷ ১২ কোটি মানুহে এই এপটো ব্যৱহাৰ কৰে ভাৰতত ৷ এনে ধৰণৰ এপবোৰ বাতিল কৰিবলৈ আহ্বান জনাইছে ছোনম ৱাংচুকে ৷ লকডাউনত ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে দেশক আত্মনির্ভৰ হোৱাৰ আহ্বান কৰিছিল ৷ স্বদেশী সামগ্ৰী কিনিবলৈ আহ্বান কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷ তাৰ আগেয়ে ‘মেক ইন ইণ্ডিয়া’ কৰ্মসূচী লৈছিল নৰেন্দ্ৰ মোডী চৰকাৰে ৷ সেই সুৰতে হিমালয়ৰ মাজত সিন্ধুপাৰত বহি ৱাংচুকে কয়, চীনা পণ্য বৰ্জন কৰিলে সেই দেশৰ অৰ্থনীতিৰ ওপৰত চাপ পৰিব ৷ ইয়াৰ ফলত চৰকাৰ পতন হোৱাৰ সম্ভাৱনাও আছে ৷ কেৱল এই বাৰ্তা দিয়াই নহয়, এসপ্তাহৰ ভিতৰত চীনা ম’বাইল ব্যৱহাৰ নকৰে বুলিও জনায় ছোমন ৱাংচুকে ৷

Leave A Reply