Breaking

নগাঁৱৰ প্ৰথম গৰাকী একৰডিয়ান বাদক চিত্তদেৱ মহন্ত : চিৰ তৰুণ ৭৪ বছৰীয়া এই গৰাকী শিল্পী

0 1,160

নগাঁও চহৰৰ খুটিকটীয়াৰ স্বৰ্গীয় গোলোক চন্দ্ৰ মহন্ত আৰু স্বৰ্গীয় জেউতি মহন্তৰ শিল্পী পুত্ৰ  চিত্তদেৱ মহন্ত অসমৰ সাংস্কৃতিক ক্ষেত্ৰ খনৰ এক পৰিচিত নাম । বৰ্তমান  শিল্পী গৰাকীৰ বয়স ৭৪ বছৰ । আজীৱন সংগীতৰ সুৰীয়া যাত্ৰাতে নিমগ্ন একৰডিয়ান বাদক চিত্ত দেৱ মহন্তই নগাঁও ড’চন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থাকোতেই নগাঁৱৰ বিখ্যাত তবলাবাদক স্বৰ্গীয় বিবেকানন্দ ভট্টাচাৰ্য্যৰ তত্বাৱধানত তবলাৰ প্ৰশিক্ষণ লয় । প্ৰথমতে অৱশ্যে তেখেতে শাস্ত্ৰীয় সংগীতজ্ঞ সুশীল বেনাৰ্জীৰ ওচৰত প্ৰশিক্ষণ লৈছিল যদিও তবলাৰ প্ৰতি বেছি আকৰ্ষিত হোৱাত পাছত তবলাৰ প্ৰশিক্ষণ লয় । অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মঞ্চত বহু কণ্ঠ শিল্পীৰ লগত তেওঁ তবলা সংগত কৰিছিল । সেই সমূহ অনুষ্ঠানৰ ভিতৰত স্মৰণীয় অনুষ্ঠান হিচাপে ১৯৭০ চনত নগাঁও জিলাৰ ধিং সাহিত্য সভাৰ অধিৱেশনত অসম তথা ভাৰতবৰ্ষৰ বিশিষ্ট কণ্ঠ শিল্পী পাৰবীন চুলতানা আৰু সেই সময়ৰ জনপ্ৰিয় পেৰডী গায়ক ৱাহিদুৰ ৰহমানৰ লগত অসমৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিছিল । ইয়াৰ উপৰিও অসমৰ সেই খিনি সময়ৰ প্ৰায় সংখ্যাক খ্যাতনমা শিল্পীৰ লগত তবলা সংগত কৰিবলৈ সুবিধা পাইছল তেওঁ । সেই সকলৰ ভিতৰত তাৰিকউদ্দিন আহমেদ, চেতাৰ বাদক মতিউৰ ৰহমান , বেহেলাবাদক নিতাই চৰকাৰ , বাহী বাদক পাই দাস , বৰেণ্য কণ্ঠ শিল্পী খগেন মহন্ত, সূৰ্য দাস , চুয়েজ বৰদলৈ, ফুনু গোস্বামী, তুনু দেৱীকে লৈ বহু শিল্পীৰ লগত তবলা সংগত কৰিছিল তেওঁ । ১৯৭৯  চনত ‘সুৰ সমলয় সাংস্কৃতিক গোষ্ঠী’ প্ৰতিষ্ঠা কৰি নগাঁৱৰ ভালেসংখ্যক ন শিকাৰু শিল্পীক প্ৰতিষ্ঠিত কৰিছিল । চিত্তদেৱ মহন্তৰ ভগ্নী সাহিত্যিক, শিল্পী  অঞ্জলী মহন্তই আৰম্ভ কৰা অসমৰ প্ৰথমটো মহিলা মিউজিকেল বেণ্ড  ‘সুৰ সমলয়’ৰ মুখ্য পৰিছালক তেওঁ । ১৯ ৮২ চনত সুৰ সমলয়ৰ প্ৰযোজনাত ‘ গুৱাহাটীৰ জ্যোতি চিত্ৰবন ষ্টুডিঅত এখন গ্ৰামফোন ৰেকৰ্ডত প্ৰথম চাৰিটা গীত বানীবদ্ধ কৰোৱাইছিল । অসমৰ বিশিষ্ট কণ্ঠ শিল্পী অপূৰ্ব বেজবৰুৱা ,তৃষাৰাণী শইকীয়া, দিপ্তি দাস  আৰু ঘন বৰদলৈৰ কণ্ঠত বানীবদ্ধ কৰাইছিল সেই গীত সমুহ । চিত্তদেৱ মহন্তৰ সংগীতেৰে সজাই তোলা সেই গীত সমূহে তেতিয়া যঠেষ্ট সমাদৰ লাভ কৰিছিল । ১৯৮৪ চনত কলিকতাৰ এইচ এম ভি ত শিল্পী দ্বিজেন কাকতি আৰু কল্পনা ভূঞাই কণ্ঠ দান কৰা গ্ৰামফোন ৰেকৰ্ড খনিতো সংগীত পৰিছালনা কৰিছিল তেওঁ । ইয়াৰ পাছতেই তেওঁ একৰডিয়ানৰ প্ৰতি আকৰ্ষিত হয় । যি সময়ত তেওঁ এই বিধ বাদ্য যন্ত্ৰৰ প্ৰতি আকৰ্ষিত হৈছিল সেইখিনি সময়ত একৰডিয়ান নামৰ এই বিধ বাদ্যযন্ত্ৰৰ  কথা জনাই নাছিল বহুতে । বিশিষ্ট একৰডিয়ান বাদক ৰঞ্জিত ডে আৰু ৰাজেশ্বৰ বৰদলৈৰ ওচৰত  একৰডিয়ানৰ প্ৰশিক্ষণ লৈ তেওঁ আৰম্ভ কৰিছিল সংগীতৰ আন এক যাত্ৰা । নগাঁৱত প্ৰথম তেৱেঁই বিভিন্ন মঞ্চত একৰডিয়ান বজাইছিল । এটা সময়ত চিত্তদেৱ মহন্তৰ পৰিচয় অসমৰ সাংস্কৃতিক ক্ষেত্ৰ খনত এগৰাকী জনপ্ৰিয় একৰডিয়ান বাদক বুলিয়েই সকলোৱে জানিছিল আৰু এতিয়াও তেনেকৈয়ে জানে ।    এই গৰাকী বৰ্তমান ৭৪ বছৰীয়া শিল্পীয়ে বাৰ কেজি ওজনৰ একৰডিয়ান খন বুকুত লৈ আজিও বহু শিল্পীৰ লগত মঞ্চত অনুষ্ঠান পৰিবেশন কৰি আছে । চিত্তদেৱ মহন্তই সংগীত পৰিছালনা কৰা জনপ্ৰিয় কেছেট সমূহ আছিল  ‘মন কলিজা’, ‘ঢুলীয়া নাচনী’ ,’জয় হনুমান’, আদি । বিশিষ্ট শিল্পী অৱনী ৰঞ্জন পাঠকৰ প্ৰযোজনাত ‘এই চহৰৰ মায়াজাল’ নামৰ ভিডিঅ ছবি খনতো সংগীত পৰিছালনা কৰিছিল তেওঁ । ইয়াৰ উপৰিও ১৯ ৮৬ চনত অসম চৰকাৰৰ জনস্বাস্থ্য কৰিকৰী বিভাগৰ দ্বাৰা প্ৰযোজিত বিশুদ্ধ খোৱা পানীৰ উপৰত এখন তথ্য চিত্ৰও নিৰ্মাণ কৰিছিল তেওঁ ।       এই গৰাকী আজীৱন শিল্পীয়ে সংগীতৰ এই যাত্ৰাত বহু তিতা মিঠা অভিজ্ঞতাৰ সন্মোখিন হৈছে । কিন্তু শ্ৰোতা দৰ্শকৰ অভূতপূৰ্ব সমাদৰত আজিও জীপাল হৈ আছে তেখেতৰ শিল্পী মনটো । ১৯৭৯ চনত দুটি শিশু শিল্পী সুবীৰ গাংগুলী আৰু পাৰ্থ দাসক লগত লৈ শ্বিলং বঙাইগাঁও, গুৱাহাটীৰ দীপক সংঘ আৰু বহুতো ঠাইত কৰা অনুষ্ঠানে যঠেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । ওৰেটো জীৱন সংগীতৰ মাজেৰে পাৰ কৰা এই গৰাকী শিল্পীয়ে জীৱনকালত অসম সাহিত্য সভাকে লৈ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বহু সন্মান বটা লাভ কৰাৰ লগতে অসম চৰকাৰেও এগৰাকী শিল্পী হিচাপে এককাললীন সাহাৰ্য আগবঢ়াইছিল । কিন্তু জীৱনৰ বিয়লি বেলাত আৰ্থিক নিৰাপত্তাৰহীনতাত ভুগিছে এই গৰাকী নগাঁৱৰ শিল্পীয়ে ।

Leave A Reply