গোসাইগাঁৱৰ গীৰ্জা সমূহত খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলৰ বৰদিন পালন…

বিশ্ব তথা দেশৰ বিভিন্ন অঞ্চলৰ লগতে গোসাইগাঁও মহকুমাতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলাহ মালহৰে আজি গীৰ্জা সমূহত যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে বৰদিন পালন কৰিছে ৷ গোসাইগাঁও মহকুমাৰ হাৰাফুটাত বৃটিছৰ যুগত অৰ্থাত ১৯৩০ চনত সূদূৰ নৰোৱেৰ পৰা খ্ৰীষ্টান মিছনাৰী সকলে আহি হাৰাপুটাত এন ই এল চি খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলৰ বাবে গীৰ্জা নিৰ্মাণ কৰিছিল৷ তেতিয়াৰ পৰাই এই গীৰ্জাত উপাসনা কৰি অহাৰ লগতে বৰদিন পালন কৰি আহিছে ৷এই বেলিও বৰদিন উল- মালহৰে পালন কৰা পৰিলক্ষিত হৈছে ৷গীৰ্জাৰ সভাপতি আলফ্ৰেড মুৰ্মুৱে কয় যে এই বৰদিনেে বিশ্বৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰক ৷মানুহৰ মাজত হিংসা ,বিদ্বেষ নহোৱা কৰক এই প্ৰাৰ্থনাৰে আমি বৰদিন পালন কৰিছো। আনহাতে মহকুমাখনৰ গোসাইগাঁও সদৰ চহৰৰ গীৰ্জাকে ধৰি জাৰাগুৰী, বাজুগাঁৱস্থিত গীৰ্জা সমূহত কেৰলৰ ধ্বনিৰে মুখৰিত কৰি তুলি উলাহ মালহৰে বৰদিন উদযাপন কৰে খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে৷

জাৰাগুৰী স্থিত এন ই এল চিৰ প্ৰেচবেটেৰিয়ান ইণ্ডেপেণ্ডেণ্ট মণ্ডলীৰ দ্বাৰা আয়োজিত বৰদিনৰ বিশেষ প্ৰাৰ্থনাত শান্তি আৰু ভাতৃত্ববোধৰ প্ৰতি গুৰুত্ব দিয়া হয়।প্ৰভু যীশুৰ প্ৰদৰ্শিত পথেৰে চলি বিশ্ব শান্তিৰ বাবে সকলোকে প্ৰেম আৰু শান্তিৰে বসবাস কৰিবলৈ কয় উক্ত মণ্ডলীৰ বিষয়ববীয়া তথা শিক্ষক চৰন বসমুতাৰীয়ে।বাজুগাঁৱৰ গথাইবাৰীৰ এন ই এল চিৰ গীৰ্জাতো উক্ত অঞ্চলৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে বৰদিনৰ বিশেষ প্ৰাৰ্থনাত অংশগ্ৰহন কৰে।লগতে বিশ্বৰ সকলো ধৰ্মাৱলম্বী লোকৰ বাবে শান্তি আৰু মঙ্গল কামনা কৰে গীৰ্জাৰ সভাপতি মানিক ইছলাৰীয়ে।

Related Articles