Breaking

বনৰীয়া হাতীৰ তাণ্ডৱ; শিশুৰ মৃত্যু, নুমলীগড়ত ৫০টা ঘৰৰ ক্ষতি

0 92

হাতী-মানুহ সংঘাতৰ আন এক চাঞ্চল্যকৰ কাণ্ড৷

নুমলীগড় চহৰৰ সমীপৱৰ্তী শ্যামৰাইপুৰ চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা।

সূত্ৰ অনুসৰি দেওবাৰে নিশা খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে মানুহৰ বাসস্থানত প্ৰৱেশ কৰিছিল।

ক্ষুব্ধ হাতীৰ জাকটোৱে অঞ্চলটোৰ কমেও ৫০টা ঘৰৰ ক্ষতিসাধন কৰে। এই হুলস্থুলৰ সময়ত এটা ৮ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে মাতৃ আৰু পিতৃ গুৰুতৰভাৱে আহত হয়।

পিছত বন বিভাগৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। খবৰ অনুসৰি চাহ বাগিচা অঞ্চলত বনৰীয়া হাতীৰ জাকটোৱে ঘূৰি ফুৰিছে।

Leave A Reply