ভুৱা চিকিৎসকৰে ভৰি পৰিছে অসম ৫৯টা গোচৰ ৰুজু , ৬২জনক গ্ৰেপ্তাৰ । CM ASSAM

CM ASSAM । ৰাজ্যখনত এতিয়া ৰোগীৰ জীৱনকলৈ একাংশ লোকে হেতালি খেলিবলৈ আৰম্ভ কৰিছে। চিকিৎসা খণ্ডৰ দৰে এক অতি গুৰুত্বপূৰ্ণ খণ্ডতো এতিয়া ভুৱা চিকিৎসকৰ দপদপনিয়ে সাধাৰণ মানুহৰ জীৱনলৈ চৰম অমানিশা নমাই অহাৰ উপক্ৰম ঘটাইছে। ইয়াৰ মাজতে শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জড়িয়তে প্ৰকাশ কৰিছে এক ভয়াৱহ তথ্য। সামাজিক মাধ্যমৰ পোষ্টটোত মুখ্যমন্ত্ৰী শৰ্মাই কৈছে- ভুৱা চিকিৎসকৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযান অব্যাহত আছে। জনগণৰ জীৱনক লৈ কৰা যিকোনো অপচেষ্টা কেতিয়াও সহ্য কৰা নহ’ব। ইতিমধ্যে ৫৯টা গোচৰ পঞ্জীয়ন কৰি ৬২জন ভুৱা চিকিৎসকক আটক কৰা হৈছে।দুষ্টচক্ৰই মনত ৰখা উচিত— জনসাধাৰণৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমাৰ এনে কঠোৰ অভিযান সকলো ক্ষেত্ৰতে আগলৈও অব্যাহত থাকিব।


উল্লেখযোগ্য যে, কাছাৰ জিলাত শেহতীয়াকৈ আৰক্ষীয়ে অভিযান চলাই মাত্ৰ কেইদিনমানৰ ভিতৰতে প্ৰায় ১৭জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে। এই অভিযানৰ সময়ত এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে, এজন ভুৱা চিকিৎসকে প্ৰায় ১০ বছৰ ধৰি বৈধ নথিপত্ৰ অবিহনে ৫০টাতকৈও অধিক চি-ছেক্‌চন অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল। ইফালে, চিৰাং জিলাৰ ঢালিগাঁও আৰু বঙাইগাঁও অঞ্চলতো প্ৰায় ৪০ বছৰ ধৰি কোনো আনুষ্ঠানিক চিকিৎসা শিক্ষা নোহোৱাকৈয়ে একাংশ লোকেই ফাৰ্মাচী খুলি চিকিৎসা সেৱাৰ নামত প্ৰৱঞ্চনা চলাই অহাৰ তথ্য পোৱা গৈছে। চৰকাৰে দুষ্টচক্ৰক সতৰ্ক কৰি জনাইছে যে, জনসাধাৰণৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এনে কঠোৰ অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে। একেসময়ে, সাধাৰণ জনতাকো সজাগ হ’বলৈ আহ্বান জনোৱা হৈছে। চিকিৎসকৰ ওচৰলৈ যাওঁতে তেওঁলোকৰ যোগ্যতা, অসম চিকিৎসা পৰিষদ বা ভাৰতীয় চিকিৎসা আয়োগৰ পঞ্জীয়ন নম্বৰ সদায় পৰীক্ষা কৰি লোৱা উচিত বুলি সচেতন মহলে পৰামৰ্শ দিছে।

Related Articles