Breaking

পিতৃৰ দায়িত্ব পালন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 2,228

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ আৰম্ভ নতুন শৈক্ষিক যাত্ৰা। বাংগালুৰুস্থিত National Law School of India Universityত অধ্যয়নৰ বাবে সুযোগ পাইছে মুখ্যমন্ত্ৰীৰ পুত্ৰই।  মুখ্যমন্ত্ৰী গৰাকীয়ে দেশ সেৱা কৰাৰ লগতে পালন কৰিলে পিতৃৰ দায়িত্ব। দেওবাৰে কৰ্ম ব্যস্ততাৰ মাজতো পত্নী, কন্যাসহ পুত্ৰৰ হোষ্টেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। CLATত ৪০ নম্বৰ ৰেংক অৰ্জন কৰি দেশৰ ভিতৰতে প্ৰেষ্টিজিয়াছ National Law School of India Universityত নামভৰ্তি কৰিলে নন্দিল বিশ্ব শৰ্মাই। 

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুত্ৰৰ এই খবৰটো দি শুভেচ্ছা জনোৱাৰ লগতে পৰিয়ালৰ সৈতে তোলা এখন ফটোও শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত।মুহুৰ্তৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ফটোখন।

Leave A Reply