Breaking

গোলাঘাটত মুখ্যমন্ত্ৰী : পবিত্ৰ ১ ভাদত ঐতিহাসিক আঠখেলীয়া নামঘৰত সেৱা হিমন্ত বিশ্ব শৰ্মাৰ

0 47

কেইবালানি কাৰ্যসূচী লৈ আজি গোলাঘাটত উপস্থিত হ’য় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।মূলত ভাদ মাহৰ ১ তাৰিখৰ এই পবিত্ৰ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ অন্যতম  ঐতিহাসিক পীঠস্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভগৱানৰ শ্ৰী চৰণত সেৱা  লয়।ইয়াৰ পিছতে নামঘৰৰ এক গৃহত আয়োজন কৰা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী জনে।উক্ত সভাত মুখ্যমন্ত্ৰীক সহযোগ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগ,কৃষি মন্ত্ৰী অতুল বৰা,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ,সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু বিধান ভাস্কৰ বৰুৱাই। উল্লেখযোগ্য যে আজি এই সভাতে মুখ্যমন্ত্ৰীয়ে এই ইতিহাস প্ৰসিদ্ধ পীঠস্থান খনলৈ পাঁচ কোটি টকাৰ এক বৃহৎ অনুদান ঘোষণা কৰে। ইয়াৰপিছতে গোলাঘাটৰ যোগীবাৰীস্থিত বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰলৈ গৈ সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু কলাক্ষেত্ৰৰ প্ৰক্ষাগৃহত আয়োজন কৰা এক পৰ্যালোচনা সভাত অংশ লয়। আজি এই ভ্ৰমণসূচীতেই মুখ্যমন্ত্ৰীয়ে জিলাখনত স্থাপন হ’বলগীয়া সতী সাধনী বিশ্ববিদ্যালয় আৰু গোলাঘাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰস্তাৱিত স্থানো পৰিদৰ্শন কৰে। ইয়াৰোপৰি বিয়লি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ  কৰা আই চি ইউ কক্ষটো আনুষ্ঠানিকভাৱে মুকলি কৰে।

ReplyForward
Leave A Reply