Breaking

মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্যৰ পিছতে গ্ৰেপ্তাৰ প্ৰদীপ দত্ত ৰয়ক

0 36

শনিবাৰে এক সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া বিৰোধী মন্তব্য কৰা বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক শেষ সকীয়নি দিছিল।মুখ্যমন্ত্ৰীগৰাকীয়ে বঙালী নেতাজনক কঠোৰভাৱে এনেদৰে কৈছিল…..

“প্ৰদীপ দত্ত ৰয়ে মোক লাইটলি লৈছে। যিদিনা ঠেলা মাৰিম ভালকৈ মৰিম। প্ৰদীপ দত্ত ৰয়ে চৰকাৰখনক বুজি পোৱা নাই। মই এতিয়া অসমৰ মুখ্যমন্ত্ৰী। যিদিনা ঠেলা পৰিব পুৰা ঠেলা দিম মই। তেওঁ বুজি পোৱা নাই মোক। প্ৰদীপ দত্ত ৰয়ৰ ওপৰত ভালকৈ ব্যবস্থা লবলৈ গৱেষণা চলাই থকা হৈছে। মই ৰৈ আছো। এইখন চৰকাৰ বহুত টান। আন চৰকাৰৰ লগত তুলনা কৰি লাভ নাই”

অসম আৰু অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা প্ৰদীপ দত্ত ৰয়ক এনেদৰে সকীয়নি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্যৰ পিছতে প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰা হৈছে। শিলচৰত গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ক।তদন্তৰ খাতিৰত ৰয়ক গুৱাহাটীলৈ অনাৰ সম্ভাবনা আছে।

Leave A Reply