Cockroach Janta Party: ভাৰতত Cockroach Janata Partyৰ টুইটাৰ একাউণ্ট ব্লক, ইনষ্টাগ্ৰাম পেজো হেক

ভাৰতৰ মুখ্য (Cockroach Janta Party) ন্যায়াধীশ সূৰ্য কান্তৰ মন্তব্যৰ পিছত ছ’চিয়েল মিডিয়াত যি বিতৰ্কৰ সৃষ্টি হৈছিল, সেই বিতৰ্কই এতিয়া নতুন টাৰ্নিং পইণ্ট লৈছে। কিছুদিন পূৰ্বে এজন জ্যেষ্ঠ অধিবক্তাই “পৰজীৱী” আৰু “ককৰাচ”ৰ দৰে শব্দ ব্যৱহাৰ কৰাৰ খবৰ ওলাইছিল। কিন্তু পিছত চিজেআই সূৰ্য্য কান্তই স্পষ্ট কৰি দিয়ে যে তেওঁৰ বক্তব্যক ভুলকৈ উপস্থাপন কৰা হৈছে আৰু তেওঁৰ মন্তব্য কেৱল ভুৱা ডিগ্ৰী ব্যৱহাৰ কৰি আইনী বৃত্তিত প্ৰৱেশৰ চেষ্টা কৰা লোকসকলৰ প্ৰতিহে আছিল।

এই বিতৰ্কৰ পিছতে ছ’চিয়েল মিডিয়াত “ককৰোচ জনতা পাৰ্টি” নামৰ এক ব্যংগমূলক ৰাজনৈতিক অভিযান আৰম্ভ হয়, যিয়ে দ্ৰুতগতিত লাখ লাখ লোকৰ দৃষ্টি আকৰ্ষণ কৰে। এতিয়া দলটোৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে দাবী কৰিছে যে তেওঁৰ দলৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে শুকুৰবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে তেওঁৰ দলৰ অনলাইন উপস্থিতিৰ ওপৰত “দমন” চলি আছে। তেওঁ অভিযোগ কৰে যে দলটোৰ কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্ট হয় হেক কৰা হৈছে নহয় প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়া হৈছে।

দীপকে জনোৱা মতে, দলটোৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজ হেক কৰা হৈছে। তদুপৰি তেওঁৰ ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্টো হেক কৰা বুলি অভিযোগ উঠিছে। তেওঁ লগতে দাবী কৰে যে দলটোৰ এক্স একাউণ্ট ভাৰতত ব্লক কৰা হৈছে আৰু তেওঁৰ বেকআপ একাউণ্টো প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়া হৈছে।

অভিজিত দীপকে তেওঁৰ সমৰ্থক আৰু অনুগামীসকলক কৈছে যে তেওঁৰ দলটোৱে বৰ্তমান কোনো চৰকাৰী ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰৱেশ কৰিব পৰা নাই। এই ঘোষণাৰ পিছত যদি কোনো একাউণ্টৰ পৰা কোনো পোষ্ট ওলায় তেন্তে তাক ককৰোচ জনতা পাৰ্টিৰ আনুষ্ঠানিক বিবৃতি বুলি গণ্য কৰা উচিত নহয় বুলি তেওঁ ৰাইজক আহ্বান জনায়।

দীপকে কয় যে যেতিয়ালৈকে তেওঁৰ দলটোৱে নিজৰ একাউণ্টৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ নকৰে তেতিয়ালৈকে যিকোনো নতুন পোষ্টৰ সত্যতাক বিশ্বাস কৰা উচিত নহয়।

Related Articles