ঋতুস্ৰাৱৰ ক্ৰেম্প ৰোধ কৰিবলৈ সঘনাই কফিৰ চুমুক দিয়াটো ভাল নে বেয়া !(Coffee) কেফেইনে ঋতুস্ৰাৱৰ সময়ত উদাসীনতা, একাগ্ৰতাৰ অভাৱ বা ভাগৰ দূৰ কৰাত সহায় কৰে।
ঋতুস্ৰাৱৰ সময়ত শাৰীৰিক অস্বস্তিৰ পৰা উপশম পাবলৈ বহু লোকে সঘনাই একাপ কফিৰ চুমুক দিয়ে। ইয়া ৰফলত শৰীৰত কি প্ৰভাৱ পৰে জানেনে? চিকিৎসকে কয় যে মাহৰ এই বিশেষ সময়ত মহিলাসকলে উদ্বিগ্নতা, মেজাজৰ পৰিৱৰ্তন, ভৰিৰ পেশীৰ টান আদি বিভিন্ন সমস্যাৰ সন্মুখীন হয়। কেফেইনে ঋতুস্ৰাৱৰ সময়ত উদাসীনতা, একাগ্ৰতাৰ অভাৱ বা ভাগৰ দূৰ কৰাত সহায় কৰিব পাৰে যদিও ই পেট ফুলা বা পেটৰ বিষৰ দৰে অস্বস্তি বৃদ্ধি কৰিব পাৰে।
২০২০ চনত Obstetrics and Gynecology Science নামৰ জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে শৰীৰত অতিৰিক্ত কেফেইনে ডিছমেন’ৰিয়া বা ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষ আৰু বেছি বেয়া কৰিব পাৰে। এই প্ৰসংগত পুষ্টিবিদ ইন্দ্ৰাণী ঘোষে কয় যে কফিত থকা কেফেইনে প্ৰদাহজনিত সমস্যাও বৃদ্ধি কৰিব পাৰে। ফলত বিষটো যন্ত্ৰণাদায়ক হৈ পৰে। যিহেতু কফি প্ৰস্ৰাৱৰ ঔষধ, গতিকে ঋতুস্ৰাৱৰ সময়ত এই পানীয় অত্যধিক সেৱন কৰিলে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি পায়। পানীৰ লগতে প্ৰস্ৰাৱৰ যোগেদিও শৰীৰৰ পৰা কেইবাটাও অত্যাৱশ্যকীয় খনিজ পদাৰ্থ নিৰ্গত হয়।
কেৱল পেটৰ বিষেই নহয়, ঋতুস্ৰাৱৰ লগত মাইগ্ৰেইন আৰু মূৰৰ বিষ আদি কেইবাটাও সমস্যাও জড়িত হৈ থাকে। সেইবাবেই বহু লোকে গাখীৰ বা চেনি নোহোৱাকৈ গৰম কফিৰ চুমুক দি আৰাম অনুভৱ কৰে। একে সময়তে এই কফিয়ে উদ্দীপক হিচাপে কাম কৰি শৰীৰত কৰ্টিছল (ষ্ট্ৰেছ) হৰম’নৰ নিঃসৰণ বৃদ্ধি কৰে। ফলত ঋতুস্ৰাৱৰ বিষ নিয়ন্ত্ৰণহীন হৈ পৰিব পাৰে। গতিকে পুষ্টিবিদসকলৰ মতে বিশেষ অসুবিধা নহ’লে অন্ততঃ মাহৰ এই কেইদিনমানৰ বাবে কফিৰ সলনি বনৌষধি চাহ বা আদাৰ চাহ খাব পাৰে।