Breaking

কলেজৰ অধ্যাপক ঠিকাদাৰ, দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ

0 1,326

সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ মালিবাৰীত এখন দলং নিৰ্মাণক লৈ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ছমৰীয়া উন্নয়ন খণ্ডৰ এলেকাধীন ৩ নং মালিবাৰী পথাৰ ঈদগাহৰ পৰা কৱৰস্থান সংযোগী এখন কাঠৰ দলং নিৰ্মাণক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ উল্লেখ্য যে, ২০১৯ বৰ্ষতে ১০ লাখ টকা ব্যয় সাপেক্ষে বিধায়ক পুঁজিৰে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা দলংখন নিৰ্মাণ কৰাৰ নিবিধা লাভ কৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক নুৰজামাল হকে৷  জানিব পৰা মতে, ঠিকাদাৰ নুৰজামাল হকে যোৱা ডেৰ বছৰে সামান্য পৰিমাণৰ কাম কৰি সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগত তুলিছে ৰাইজে৷ আনকি ঠিকাদাৰ ৰূপী কলেজৰ অধ্যাপকজনে দলং নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে ইয়াৰ পূৰ্বে ঠাইখনত ৰাইজৰ গাঠিৰ ধন খৰচ কৰি বাঁহৰ দলং নিৰ্মাণ কৰিছিল৷ স্থানীয় ৰাইজৰ আহ্বান মৰ্মে বিধায়িকা নন্দিতা দাসে এখন কাঠৰ দলং নিৰ্মাণৰ বাবে ১০ লাখ টকা আৱন্টণ দিছিল৷ কিন্তু ঠিকাদাৰ ৰূপী অধ্যাপকজনে দলং নিৰ্মাণত দুৰ্নীতি কৰি মোটা অংকৰ ধন আত্মহাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ উল্লেখ্যনীয় যে, বিধায়িকা নন্দিতা দাসেও অধ্যাপক নুৰজামালৰ লগত মিলি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ইপিনে স্থানীয় ৰাইজে দুৰ্নীতিৰ উচিত তদন্ত কৰি দুৰ্নীতিৰ লগত জড়িত থকা ব্যক্তিক শাস্তি দিয়াৰ উপৰিও দলংখন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰক অনুৰোধ জনাইছে ৷

Leave A Reply