Breaking

জামুগুৰিহাটত শংকৰী কলা সংস্কৃতিৰ সাধক গোবিন বৰাৰ স্মৃতিচাৰণ সভা

0 30

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ৪ নৱেম্বৰঃ যোৱা ২৫ অক্টোৱৰৰ বিয়লি বাঢ্যক জনিত ৰোগত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শলগুৰি গাওঁ নিৱাসী শংকৰী সাধক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ একনিষ্ঠ কৰ্মী, প্ৰবীন সমাজকৰ্মী  গোবিন বৰা(৯৬)ৰ মৃত্যু ঘটে৷ আজি প্ৰয়াত গোবিন বৰাৰ বাসগৃহত এখনি স্মৃতিচাৰন সভা অনুষ্ঠিত হৈ যায়৷

প্ৰয়াত গোবিন বৰাৰ স্মৃতি ৰোমন্থন কৰি জামুগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাৰায়ন শইকীয়াই কয়-জামুগুৰিবাসীয়ে এগৰাকী প্ৰবীন সমাজ কৰ্মী হেৰুৱালে৷ জামুগুৰিহাটৰ বহুকেইটা সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ জন্মদাতা তথা গুৰিধৰোতা গোবিন বৰাৰ মৃত্যুত অঞ্চলটোৰ অপুৰণীয় ক্ষতি।

সুদক্ষ ভাওনা শিল্পী হিচাপে খ্যাত গোবিন বৰা এগৰাকী গায়নৰ লগতে বায়নো আছিল৷ অসমীয়া থলুৱা সংস্কৃতি প্ৰচাৰ প্ৰসাৰত মনোনিবেশ কৰি অহা গোবিন বৰা এগৰাকী ভাল কৃষকেই নহয়, গাৱঁ সমুহৰ  পৰা হেৰাই যাৱ বিচৰা লোক সংস্কৃতি উদ্ধাৰৰ ক্ষেত্ৰতো যোৱা সময়চোৱাত বিভিন্ন পদক্ষেপ গ্ৰহন কৰি আহিছিল৷

শলগুৰি গাৱঁৰ বয়োজেষ্ঠ সমাজকৰ্মী ডিম্বেশ্বৰ শইকীয়াই বন্তি প্ৰজ্বলনেৰে শুভাৰাম্ভ কৰা স্মৃতিচাৰন অনুষ্ঠানটিত অংশ গ্ৰহন কৰি গোবিন বৰাৰ ফটোত মাল্যৰ্পন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ শোণিতপুৰ জিলাৰ উপ-সভাপতি উমেশ হাজৰিকা, জিলা সম্পাদক ক্ষীৰধৰ ওজা,চেউনী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ শইকীয়া, শলগুৰি গাৱঁ উন্নয়ন সমিতিৰ সভাপতি সম্পাদক ক্ৰমে নগেন বৰা আৰু দিনেশ মহন্ত, সমাজকৰ্মী মদন শইকীয়া,ঘণ হাজৰিকা,নন্দ শইকীয়া,নাট্যকৰ্মী ধৰ্মেশ্বৰ বৰুৱা,শলগুৰি বিহুমেলা কমিটি, নদুৱাৰ প্ৰেছ ক্লাৱৰ লগতে বিভিন্নজনে৷

উল্লেখ্য যে বিজেপি দলৰ প্ৰবীন  কৰ্মী হিচাপে খ্যাত প্ৰয়াত গোবিন বৰাৰ বাসগৃহত উপস্থিত হৈ ইতিমধ্যে শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাস, সাধাৰন সম্পাদক শান্তনু শৰ্মা, মন্ত্ৰী ৰনজিৎ  দত্ত, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে প্ৰমুক্ষে কৰি বিভিন্নজনে৷

গোবিন বৰাই মৃত্যুৰ সময়ত বাৰেচহৰীয়া ভাওঁনা কমিটিৰ সভাপতি, নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি তথা উত্তৰ ছিলাবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি একমাত্ৰ পুত্ৰ জয়ন্ত বৰাকে ধৰি তিনি গৰাকী বিবাহিতা কণ্যাসহ নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ যায়।

Leave A Reply