Breaking

দিহাসম্ৰাট কমলা গগৈৰ প্ৰশংসনীয় পদক্ষেপ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এজাক কণ কণ শিশুৰ দিহানামৰ ধ্বনিৰে জীপাল আউনীআটী সত্ৰৰ নামঘৰ…

0 139

দিহাসম্ৰাট কমলা গগৈৰ প্ৰশংসনীয় পদক্ষেপ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এজাক কণ কণ শিশুৰ দিহানামৰ ধ্বনিৰে জীপাল আউনীআটী সত্ৰৰ নামঘৰ। যি সময়ত জাত পাতৰ ৰাজনীতিৰ মেৰপাকে শংকৰ আজানৰ দেশত বিভিন্ন সময়ত অত্যাচাৰ,ব্যভিচাৰ সৃষ্টি কৰিছে তেনে সময়তে অসমৰ দিহানাম জগতৰ অদ্বিতীয় চহা শিল্পী কমলা গগৈয়ে আধ্যাত্মিক শিক্ষাৰে পৰিপুষ্টি কৰি ৰাজ্যৰ এজাক উত্তৰ প্ৰজন্মৰ শিশুক লৈ দিহানামৰ প্ৰশিক্ষণ প্ৰদান কৰি ইতিমধ্য বিশেষ চৰ্চা লাভ কৰিছে। টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ,ভাদমহীয়া নাম উৎসৱৰ লগত সংগতি ৰাখি দিহাসম্ৰাট কমলা গগৈৰ তত্বাবধানত বহু প্ৰশিক্ষাৰ্থীয়ে গুৰুৰ চৰণত দিহানাম পৰিবেশনত ব্যস্ত হৈ পৰিছে। পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে ভাদমাহত ঈশ্বৰ বন্দনা কৰিছে।

উল্লেখযোগ্য যে এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত হিন্দু, মছলমান,চাহ জনগোষ্ঠীয় তথা বিহাৰী সম্প্ৰদায়ৰ কেইবাজনো প্ৰশিক্ষাৰ্থী আছে যি মহাপুৰুষীয়া কৃষ্টি সংস্কৃতি আঁকোৱালি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতিৰ পৰিচয় দাঙি ধৰিছে।মহাপুৰুষীয়া আদৰ্শ শিৰোগত কৰি অসমৰ বিভিন্ন সত্ৰৰ নামঘৰ আদিত এইদৰে দিহানাম চৰ্চা কৰি এতিয়া দলটি অধিক জনপ্ৰিয় হৈ পৰিছে।ইপিনে দিহাসম্ৰাট কমলা গগৈ নিজে এইসকল প্ৰশিক্ষাৰ্থীৰ লগত উপস্থিত থাকি অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতি প্ৰশংসনীয় বুলি সকলোৱে মত প্ৰকাশ কৰিছে।লগতে এই সমন্বয়ে অনাগত দিনত অসমৰ পৰা হিংসা,অশান্তিৰ পৰিবেশ নিকাকৰণ কৰি এক সুস্থিৰ সমাজ গঢ় দিয়া বুলি আশা প্ৰকাশ কৰিছে দিহাসম্ৰাট কমলা গগৈয়ে।

Leave A Reply