Breaking

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

0 2,059

 সদৌ দৰং জিলা ছাত্ৰ সন্থাই জিলা প্ৰশাসনক দৰঙৰ ৭ তাকৈ শ্বহীদ ভৱন দৰং জিলা প্ৰশাসনক আগবঢ়ায় কোভিড সেৱাৰ বাবে। শনিবাৰে দৰং জিলা ৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ হাতত লিখিত ভাবে আগবঢ়ায় শ্বহীদ ভৱন কেইটা ক’ভিড মহামাৰীৰ সৈতে জিলা প্ৰশাসনে চলাই থকা যুজ খনত ব্যবহাৰ কৰাৰ বাবে। মঙলদৈ, দেওমৰনৈ,‌দলগাঁও,কুৰুৱা,দুনী, পশ্চিম দৰং, ছিপাঝাৰ এই কেইটা শ্বহীদ ভৱন প্ৰদান কৰে দৰং জিলা প্ৰশাসনক । সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাৰ স্বাক্ষৰত লিখিত ভাবে দৰং জিলাৰ উপায়ুক্তৰ হাতত প্ৰদান কৰে শ্বহীদ ভৱন কেইটা। এই কাৰ্যত সদৌ দৰং জিলা ছাত্ৰ সন্থাক আদৰণি জনাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াই ।

Leave A Reply