ডিমৌ সন্মিলিত নাৰী সমাজৰ প্ৰশংসনীয় পদক্ষেপ, বানবিধ্বস্ত নগাঁও ৰহাত বান সাহাৰ্য্য বিতৰণ

ডিমৌ অঞ্চলৰ অন্যতম শক্তিশালী মহিলা সংগঠন “ডিমৌ সন্মিলিত নাৰী সমাজে” নগাঁও ৰহাত বান বিধস্ত এলেকাত বান সাহাৰ্য বিতৰণ কৰি অহাত নাৰী সমাজৰ এনে প্ৰশংসনীয় পদক্ষেপক ডিমৌবাসীয়ে একে মুখে শলাগ লৈছে।

যোৱা ৫ জুলাই ডিমৌ পৰা বানবিধ্বস্ত নগাঁও ৰহাত বান সাহাৰ্য্য বিতৰণ কৰিবলৈ ডিমৌ সন্মিলিত নাৰী সমাজৰ প্ৰতিনিধি হিচাপে হিৰণ্য গোস্বামী, অনু চাংমাই আৰু বিভা সন্দিকৈয়ে যাত্রা কৰে। নগাঁও ৰহাত বান বিধস্ত অঞ্চলত ডিমৌ সন্মিলিত নাৰী সমাজে বিভিন্ন খাদ্য সামগ্রীৰ লগতে অত্যাৱশ্যকীয় সামগ্রী আৰু বস্ত্ৰ আদি দুৰ্গত বান বিধস্ত এলেকাৰ ৰাইজৰ মাজত বিতৰণ কৰেগৈ।

Related Articles