টীয়কৰ এদল যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ‘টুৱেন্টি’ নামৰে ব্যৱসায় আৰম্ভ কৰি বহিঃ ৰাজ্যত পাইছে সমাদৰ। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জনালে শুভেচ্ছা…

টীয়কৰ এদল যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। চাকৰিৰ পাছত নদৌৰি ২০১৯ তে ‘twontee’ নামৰে ব্যৱসায় আৰম্ভ কৰি আজি বহিঃ ৰাজ্যত পাইছে যথেষ্ট সমাদৰ। চতুৰ্থ বৰ্ষৰ শুভক্ষণত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জনালে শুভেচ্ছা। ২০১৯ চনত টীয়কৰ কেইজনমান শিক্ষিত যুৱকে টুৱেন্টি নামেৰে এক ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰি বিগত চাৰি বছৰে এপল এপলকৈ আজি ৰাজ্যৰ বাহিৰতো বজাৰ দখল কৰি আদৰ্শ প্ৰদৰ্শন কৰিছে। বৰ্তমান ক্ৰীড়া সম্বন্ধীয় সকলো ধৰণৰ কাপোৰ উৎপাদন কৰি অসম বিভিন্ন জিলাৰ ৩০০ৰো অধিক স্থানত ব্যৱসায়িক লেন দেন সফলতাৰে চলাই নিছে।

উল্লেখযোগ্য এই যে টুৱেন্টিয়ে ৪ টা বছৰ সম্পূৰ্ণ কৰি আজি বৰ্ষপূৰ্তিৰ দিনটো উলহ মালহেৰে উদযাপন কৰাৰ লগতে বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগৰ লগত আগবাঢ়ি যাব পৰাকৈ গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সুবিধাৰ্থে Wanderpreneur (The Entrepreneurship Development Drive) নামেৰে এখন মঞ্চ তৈয়াৰ কৰিছে য’ত তেওঁলোকৰ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকল কিদৰে আগুৱাই যাব লাগিব তাৰ ওপৰত অভিজ্ঞ ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণৰ এক ব্যৱস্থা কৰিছে। ইপিনে উক্ত অনুষ্ঠানতে টুৱেন্টিৰ অনলাইন ৱেবচাইট twontee.com মুকলি কৰিছে। উক্ত অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ যুৱককেইজনৰ এই পদক্ষেপক আদৰণি জনাই আৰু এই বয়সতে এনেদৰে টুৱেন্টিয়ে আন্ত:ৰাজ্যিক পৰ্য্যায়ত ব্যৱসায় কৰি সফলতা লাভ কৰাটো আদৰ্শ বুলি অভিহিত কৰি টুৱেন্টিৰ সফল ভৱিষ্যত কামনা কৰিছে।

Related Articles