তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ। তামুলপুৰ বিধান সভা সমষ্টিৰ ৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ এপিএছচি বিনামূলীয়া কোচিঙৰ ব্যৱস্থা…

অসম লোক সেৱা আয়োগ (এপিএছচি) ৰ অধীনত অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হব খোজা তামুলপুৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ। তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে তামুলপুৰ বিধান সভা সমষ্টিৰ ৫ গৰাকী মেধা ছাত্ৰ ছাত্ৰীক অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ বাবে কোচিংৰ ব্যৱস্থা কৰিছে। আজি জিলাখনৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এক বাছনি পৰীক্ষা। এই বাচনি পৰীক্ষাৰ বাবে ২৪১ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল যদিও আজিৰ এই বাচনিৰ পৰীক্ষাত ১৪৪ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।

পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সমৰ্থ হোৱা পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীৰ কোচিং বিনামূলীয়াকৈ ব্যৱস্থা কৰিব। অহা ১৫ আগষ্টত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত জিলা ভিত্তিত অনুষ্ঠিতব্য স্বাধীনতা দিৱসত আনুষ্ঠানিকভাৱে চিনাকি কৰি দিয়া হব বুলিও বিধায়ক জলেন দৈমাৰীয়ে জনাই। প্ৰতি বছৰে যাতে তামুলপুৰৰ পৰা অতি কমেও এজনকৈ হলেও প্ৰশাসনিক বিষয়া উলিয়াব পাৰো তাৰ বাবে এই প্ৰক্ৰিয়া হাতত লোৱা হৈছে বুলি জানিব দিয়ে বিধায়ক গৰাকীয়ে।

Related Articles