Breaking

ৰেইনড্ৰপছ ইনিশ্বিয়েটিভৰ প্ৰশংসনীয় পদক্ষেপ! ৰমজান মাহত বিনামূলীয়াকৈ চেহেৰী ইফতাৰ বিতৰণ

0 77

এইখন শংকৰ আজানৰ অসম। বৰ্তমান ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ। এই পৱিত্ৰ ৰমজান মাহত গুৱাহাটী মহানগৰীৰ একাংশ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ক’ভিডৰ পিছৰে পৰা Raindrops Initiative অসমৰ তৰফৰ পৰা ৰোজাৰ মাহত গুৱাহাটী মেডিকেল কলেজত বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰি আহিছে ইফতাৰ তথা চেহেৰী।

আবিদ আজাদৰ নেতৃত্বত এই পদক্ষেপ সলাগনীয়। কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই বিনামূলীয়া খাদ্য বিতৰণ কৰা হোৱা নাই ইয়াত হিন্দু মুছলিম উভয়ে খাদ্য গ্ৰহণ কৰে। আজি অষ্টবি‍ংশ ৰোজাত দৈনন্দিন বাৰ্তা গোষ্ঠীৰ DB NEWSৰ সাংবাদিক জেবিন চুলতানাই ইফতাৰৰ বাবে ৬০ গৰাকী লোকৰ খাদ্য বিতৰণৰ বৰঙণি আগবঢ়াই Raindrops Initiativeৰ দ্বাৰা।

Leave A Reply