Breaking

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সন্দৰ্ভত মন্তব্য কেশৱ মহন্তৰ –

0 148

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সন্দৰ্ভত মন্তব্য –

নিযুক্তি প্ৰাপ্ত বিশেষভাৱে সক্ষম ব্যক্তিসকলক ১৫ মে’ তাৰিখৰ পৰা পুনৰীক্ষণ কৰা হ’ব।

২৬ মে’ৰ আগতেই নিৰ্দিষ্ট পদৰ বিপৰীতে এপইন্টমেন্ট দিব চৰকাৰে।

প্ৰতিগৰাকী প্ৰাৰ্থীৰ প্ৰমাণ পত্ৰৰ পুনৰীক্ষণৰ বাবে ১৫ মেৰ পৰা ২২ মে লৈ সপ্তাহযোৰা এক বিশেষ পুনৰীক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিব গুৱাহাটী মেডিকেল কলেজত।

ইয়াৰ বাবে তিনিখন বৰ্ড গঠন কৰা হৈছে।

কোন তাৰিখত কোনসকল প্ৰাৰ্থী উপস্হিত থাকিব উল্লেখ কৰা হ’ব।

১৫ মে তাৰিখে হ’ব চিৰিয়েল নম্বৰ সহ তৃতীয় বৰ্গৰ পুনৰীক্ষণ কৰা হ’ব।

দুদিনত ২৬৮ জন তৃতীয় বৰ্গ প্ৰাৰ্থীৰ পুনৰীক্ষণ কাম সমাপ্ত কৰা হ’ব।

১৭ মে’ তাৰিখে চতুৰ্থ বৰ্গৰ পুনৰীক্ষণ কাম আৰম্ভ হ’ব ।

চতুৰ্থ বৰ্গৰ ৫৫২ জনক ৪ দিনত পুনৰীক্ষণ কৰা হ’ব।

২২ তাৰিখৰ দিনটোও পুনৰীক্ষণৰ বাবে ৰখা হ’ব ।

২২ তাৰিখে বিশেষ ভাৱে স্বাস্থ্য বিভাগৰ পৰা নিযুক্তি পাইছে তেওঁ লোকে ইয়ালৈ আহিব লাগিব।

সমুহ বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ ক্ষেত্ৰত হে এই পুনৰীক্ষণ।

চকুৰে নেদেখা, কাণেৰে নুশুনা বা কমকৈ শুনা, কাৰোবাৰ অষ্টি বা অন্যান্য কাৰণত শাৰীৰিক সক্ষম হৈ থকা, খোজ কাঢ়োতে যিসকলৰ অসুবিধা আছে এইদৰে চাৰিটা ভাগত শাৰীৰিক বিশেষ ভাৱে সক্ষম সকলক নিযুক্তিৰ পুনৰীক্ষণ কৰা হ’ব।

১ লাখ নিযুক্তিৰ অভিযান অন্তৰ্গত – ইয়াত তৃতীয় বৰ্গৰ ২৬৮, চতুৰ্থ বৰ্গ৫৫২ সৰ্বমুঠ ৮২০ টা পদ।

বিজ্ঞান প্ৰযুক্তিৰ সন্দৰ্ভত মন্তব্য কেশৱ মহন্তৰ-

আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে বিশেষ দিনটোত কেশৱ মহন্তই কয় –

অসম চৰকাৰৰ পৰা তিনিটাকৈ বঁটা বছৰী প্ৰদান কৰা হয় ।

২০২২ আৰু ২০২৩ চনৰ বটা প্ৰদান কৰা হ’ব।

২০২৩ চনৰ প্ৰফেছাৰ কিশোৰীমোহন পাঠক, ড° দেবাংগৰাজ নেওগক বটা প্ৰদান কৰা হ’ব।

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ দিনা অসম চৰকাৰৰ তৰফৰ পৰা তিনিটা বঁটা প্ৰদান কৰা হ’ব ।

Leave A Reply