Breaking

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকালৈ কলিয়াবৰত অভিযোগ-প্ৰত‍্যাভিযোগ

0 81

কলিয়াবৰ

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশ হোৱাৰে পৰা ক’ৰোনা সংক্ৰমণৰ সমান্তৰালকৈ ইয়ো এক চৰ্চিত বিষয়টো হৈ পৰিছে। ভয়ানক দুৰ্নীতি আৰু স্বজন-তোষণৰে ৰাজনৈতিক নেতা-পালিনেতাৰ ছত্ৰছায়াত কৃষি বিভাগে প্ৰস্তুত কৰা সন্মান নিধিৰ তালিকাত অনাকৃষকৰ পয়োভৰে সমগ্ৰ অসমতে তোলাপাৰ লগাইছে। ফলস্বৰূপে, অভিযোগ‍্য-প্ৰত‍্যাভিযোগে উত্তাল এতিয়া অসমৰ প্ৰায় প্ৰতিখন গাঁও। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰৰ তালিকাত হোৱা সীমাহীন দুৰ্নীতিয়ে লকডাউনৰ ফলত জীয়াতু ভোগা গাঁওবাসীৰ ক্ষোভ দুগুণে বৃদ্ধি পাইছে। এই লৈ বঞ্চিত কৃষকৰ অভিযোগৰ ভিত্তিত প্ৰকাশিত বাতৰিৰ পিছত আত্মপক্ষৰ সমৰ্থনত সাংবাদিকৰ কাষ চাপিল অভিযুক্ত পক্ষ। প্ৰধানমন্ত্ৰীৰ কৃষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকাক লৈ কলিয়াবৰৰ পশ্চিম অঞ্চলৰ ৰহধলা গাঁও পঞ্চায়তৰ ৩ নং গাঁও সভাৰ সদ‍্যস‍্যাৰ দুৰ্নীতিৰ বিষয়ে এটা পক্ষই উত্থাপন কৰাৰ পিচতে উন্মোচিত হৈছে নতুন দিশ। সেই লৈ অঞ্চলটোত চৰ্চা আৰম্ভ হৈছে। ইতিমধ‍্যে অভিযুক্ত পক্ষ সোচ্ছাৰ হৈছে অভিযোগকাৰীৰ বিৰুদ্ধে। পক্ষটোৰ মতে, অভিযুক্ত অসম চৰকাৰৰ চাকৰিয়াল কলিয়াবৰৰ শিৱস্থান গাঁৱৰ জিতেন শইকীয়াৰ পৰিয়ালে স্পষ্ট কৰিলে জিতেন শইকীয়াই লোৱা নাই ৰাজ সাহায্য। জিতেন শইকীয়াৰ পৰিয়ালৰ দাবী অভিযোগকাৰীৰ পৰিয়ালৰ লোকেহে লাভ কৰিছে প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ সাহায্য। পূৰ্বে প্ৰকাশিত বাতৰিত প্ৰকাশ হোৱা জিতেন শইকীয়াৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত থকাৰ তথ‍্য ভিত্তিহীন আৰু কোনো সত‍্যতা নাই বুলি অভিযুক্তৰ পৰিয়ালে দাবী কৰে।

Leave A Reply