Breaking

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ সঞ্চালক ডা: এম এছ লক্ষ্মীপ্ৰিয়াক প্ৰশংসাৰে ওপচালে বিল গেটছে

0 79

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালক ড০ এম এছ লক্ষ্মী প্ৰিয়াক প্ৰশংসাৰে ওপচাই বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে।

নতুন দিল্লীত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত সশক্তিকৰণ: নতুন ভাৰতৰ মহিলা উদযাপন অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসম, মিছন সঞ্চালক ড০ এম এছ লক্ষ্মী প্ৰিয়াক প্ৰশংসা কৰে।

গেটছে এই সন্দৰ্ভত টুইটাৰত পোষ্ট কৰিও পুষ্টিৰ স্তৰ উন্নত কৰাৰ বাবে অসমে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণী। ড. লক্ষ্মীপ্ৰিয়া দেশৰ একমাত্ৰ আই.এ.এছ. বিষয়া , যাক গেটছৰ সৈতে বাৰ্তালাপৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল।

লক্ষ্মীপ্ৰিয়াই বঙাইগাঁৱত প্ৰকল্প সম্পূৰ্ণাৰ অধীনত ‘বাডী মাদাৰ মডেল’ৰ জৰিয়তে পুষ্টি, মাতৃ আৰু শিশুস্বাস্থ্যৰ সজাগতা সৃষ্টিৰ ক্ষেত্ৰতআগবঢ়োৱা অনবদ্য অৱদানক গেটছে উচ্চ প্ৰশংসা কৰে।

২০২১ চনত ‘উদ্ভাৱন শ্ৰেণী’ৰ অধীনত ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা লাভ কৰা জিলা ড০ লক্ষ্মীপ্ৰিয়াই অনুষ্ঠানটোত সুন্দৰ আৰু অন্তৰ্দৃষ্টিপূৰ্ণ বাৰ্তালাপৰ বাবে গেটছকো ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লীৰ অবেৰয় হোটেলত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

Leave A Reply