Breaking

ব্ৰহ্মপুত্ৰ অঞ্চলত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

0 2,281

দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ   NICM (National Institute Of Computer and Management) খকন্দগুৰি(আমগুৰি) শাখাৰ আজি শুভাৰম্ভনি কৰা হয় । বয়োজ্যেষ্ঠ ব্যক্তি টুনিৰাম ফুকনে বন্তিপ্ৰজ্বলে আৰম্ভহোৱা অনুষ্ঠানটোত ন-ভঙ্গা বাপুজী হাইস্কুলৰ  অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ কুমাৰ বড়াই ফিটা কাটি কেন্দ্ৰটো মুকলি কৰে। অনুষ্ঠানত  ন-ভঙ্গা বাপুজী হাইস্কুলৰ প্ৰধান শিক্ষক ধ্ৰুৱজ্যোতি গোস্বামী, যুৱসমাজকৰ্মী চাহাবুদ্দিন আহমেদ, প্ৰাক্তন ছাত্ৰনেতা মনচুম বৰা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সভাপতি দীপক জৈন, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্বান বৰদলৈ, NICMৰ পৰিচালন সঞ্চালক পৱিত্ৰ বৰা, প্ৰদ্যুৎ শৰ্মা,পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ সভাপতি নকুল দাস, শিক্ষয়ত্ৰী প্লাবিতা দত্ত,শিক্ষক অভিজিৎ লইং, ছাত্ৰ নেতা মৃদুল শইকীয়া, ধৰ্মেশ্বৰ দত্তকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বানেগৰকা বৃহত্তৰ অঞ্চলত এই কেন্দ্ৰটোৰ পৰা ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব বুলি  NICM খকন্দগুৰি শাখাৰ তত্বাৱধায়ক দেৱব্ৰত দত্ত আৰু অংকুৰ বৰুৱাই আশা প্ৰকাশ কৰিছে।

Leave A Reply