Breaking

প্ৰধানমন্ত্ৰীক লৈ ‘উদ্বিগ্ন’ : অযোধ্যালৈ যাব কিন্তু ভূমি পূজাত নাথাকে উমা ভাৰতী

0 1,259

অনলাইন বাৰ্তা : ৰাম মন্দিৰৰ ভূমি পূজাৰ সময়তে ক’ৰোনা পৰিস্থিতিক লৈ চিন্তিত হৈ উদ্বিগ্ন ৰাম মন্দিৰ আন্দোলনৰ অন্যতম উমা ভাৰতী ৷ ৫ আগষ্টত তেওঁ অযোধ্যা যাব ৷ কিন্তু ক’ৰোনা পৰিস্থিতিৰ মাজত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা বিষয়টোক সৰ্বাধিক গুৰুত্ব দিয়েই ৰাম মন্দিৰৰ ‘ভূমি পূজা’ অনুষ্ঠানত যোগ নিদিয়ে ৷ সোমবাৰে টুইট কৰি ৰাম মন্দিৰৰ অন্যতম মুখ্য উমা ভাৰতীয়ে এই কথা জানিবলৈ দিয়ে৷ ইয়াৰ লগতে এই মহামাৰীৰ সময়ত অযোধ্যাৰ অনুষ্ঠানটোত যিসকলে যোগ দিছে সেই সকলো বিজেপি নেতা, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ উদ্বেগ প্ৰকাশ কৰিছে এইগৰাকী বিজেপি নেত্ৰীয়ে৷ আনকি এই অনুষ্ঠানৰ পৰা তেওঁ নিজৰ নাম আঁতৰ কৰি দিবলৈ ৰাম জন্মভূমি ন্যাসৰ কৰ্মকৰ্তাক জনাইছে৷ ইতিমধ্যে ক’ৰোনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ সেই প্ৰসংগ টানি উমা ভাৰতীয়ে কয়, যিমাতু শুনিবলৈ পাইছে যে অমিত শ্বাহ আৰু আন বিজেপি নেতা ক’ৰোনাত আক্ৰান্ত হৈছে৷ যিসকল অযোধ্যাৰ আধাৰশিলা অনুষ্ঠানলৈ যাব তেওঁলোকক লৈ চিন্তা হৈছে ৷ বিশেষকৈ প্ৰধানমন্ত্ৰীক লৈ৷ উল্লেখ্য যে বুধবাৰে অযোধ্যাতে থাকিব উমা ভাৰতী৷ কিন্তু ৰাম মন্দিৰৰ ভূমি পূজা অনুষ্ঠানত তেওঁ যোগ নিদিয়ে৷ আন এক টুইটত তেওঁ লিখিছে, মই ৰাম জন্মভূমি ন্যাসৰ কৰ্মকৰ্তাক অনুৰোধ কৰিছো যে অনুষ্ঠান চলি থকা সময়ত মোক যেন সৰযূ নদীৰ কাষত থাকিবলৈ অনুমতি দিয়া হওক৷ অনুষ্ঠানত যোগ নিদিয়াৰ বিষয়ে উমা ভাৰতীয়ে দাবী কৰি কয়, ভূপালৰ পৰা ৰে’ল যোগে তেওঁ উত্তৰ প্ৰদেশলৈ ৰাওনা হ’ব৷ অযোধ্যাত তেওঁ কোনো কাৰণত ৰোগীৰ সংস্পৰ্শলৈ আহিব পাকে বুলি আশংকা প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী আৰু কেইবাশ মানুহ তাত সমবেত  হ’ব৷ তালৈ যাব নিবিচাৰে উমা ভাৰতীয়ে৷ তেওঁ কয়, সকলো চাবলৈ যোৱাৰ সময়ত তেওঁ ৰামলালা দৰ্শন কৰিব৷ দেওবাৰে অযোধ্যাৰ ভূমি পূজা অনুষ্ঠানক লৈ উমা ভাৰতীয়ে ১২ টা টুইট কৰিছে৷ অনুষ্ঠানত যোগ নিদিলেও তেওঁ যে অযোধ্যাত থাকিব সেই কথা জনাইছে৷ তেওঁ লিখিছে, আমাৰ জীৱনতে ৰাম মন্দিৰ নিৰ্মাণৰ আৰম্ভ হ’ল এয়া গৰ্বৰ বিষয়৷ উল্লেখ্য যে এই অনুষ্ঠানত আৰএছএছৰ প্ৰধান মোহন ভাগৱত থকাৰ কথা৷ ৯০ দশকৰ এই আন্দোলনৰ দুই প্ৰধান ব্যক্তি লালকৃষ্ণ আদৱাণী আৰু মুৰুলীমনোহৰ যোশীয়ে ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠানৰ সাক্ষী থাকিব বুলি জানিব পৰা গৈছে ৷

Leave A Reply