Breaking

শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিলৈ কংগ্ৰেছৰ বাছ যাত্ৰা

0 134

শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিলৈ বাছ যাত্ৰাৰে কংগ্ৰেছৰ ” অসম বচাও “” অভিযান : বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ অপশাসনৰ পৰা অসমক পৰিত্ৰাণৰ হুংকাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীদ্বয়  জিতেন্দ্ৰ সিং , পৱন সিং ঘাটোৱাৰ আৰু ৰিপুণ বৰা , দেৱব্ৰত শইকীয়াৰ দিলীপ হাজৰিকা : নাজিৰা : ১৩ ফেব্ৰুৱাৰী : –  সমগ্ৰ দেশৰ লগতে অসমতো বৰ্তমান যি অপশাসন চলাইছে , এই অপশাসন – ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি সমাগত বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনগণৰ কাষ চপাৰ লক্ষ্য ৰাখি কালি বিয়লি শিৱসাগৰস্থ শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা বাছেৰে যাত্ৰা কৰি সন্ধিয়া ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিত  ” অসম বচাও আহক ” অভিযানত  উপস্থিত হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেৰ্তৃস্থানীয় নেতা । এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী – অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং , প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ , ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক তথা ছত্তীশগড় চৰকাৰৰ সংসদীয় সচিব বিকাশ উপাধ্যায় , অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা , সম্পাদক চাকিল আহমেদ , বিধায়ক দেৱব্ৰত শইকীয়া , প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইকে ধৰি প্ৰদেশ আৰু জিলা কংগ্ৰেছ কমিটীৰ ভালেকেইজন শীৰ্ষ নেতাই এই অভিযানত অংশ লয় । উজনি অসমত বিধায়ক দেৱব্ৰত শইকীয়াৰ নেৰ্তৃত্ব দিয়া এই অভিযানত অংশগ্ৰহণ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে  , সমাগত বিধান সভা নিৰ্বাচনত বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ অপশাসন আৰু ভ্ৰষ্টাচাৰৰ নীতিৰ পৰা পৰিত্ৰাণ পাব অসমৰ জনগণে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙ্গীয়াই আত ধৰা অনুষ্ঠানটোত সভাপতি ৰিপুণ বৰাই কয় , বি জে পিয়ে মিত্ৰতা কৰিলে একো অপকাৰ নহয় , কিন্তু কংগ্ৰেছে মিত্ৰতা কৰিলে তেওলোকে সমালোচনা কৰে । আমি অসমৰ থলুৱা জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে মিত্ৰতা কৰিছোঁ । যিহেতু মিত্ৰতা অতীব প্ৰয়োজন । কিয়নো বি জে পিয়ে অসম বিক্ৰী কৰিবলৈ আৰু বাকী নাই । প্ৰথমতে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰি জাতিটোক ধ্বংস কৰাৰ প্ৰচেষ্টা চলালে , এতিয়া বিমান বন্দৰ , কাগজ কল , অসমৰ পনীয়াসোণৰ ক্ষেত্ৰ , অ’ এন জি চি অসম সম্পদ , তেল শোধনাগাৰ বিক্ৰীৰ পৰিকল্পনা প্ৰস্তুত কৰিছে । অৱশিষ্ট কণ বচাবলৈ আমি কংগ্ৰেছে প্ৰচেষ্টা চলাইছো । দেৱব্ৰত শইকীয়াই কয় , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ক অসমৰ মানুহে এনে কি অপৰাধ কৰিলে যে , যাৰ বাবে অসমে বিশেষ ৰাজ্যৰ মৰ্যদা হেৰুৱাবলগাত পৰিল । এনে কাৰণতেই অসমে বছৰি ৮,৫০০ কোটি টকা কৈ হেৰুৱাব লগাত পৰিছে । অসমৰ উন্নয়ন মূলক কাম – কাজ স্থবিৰ হৈ পৰিছে । হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত অসমৰ ২৫ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ কথা কৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ২ কোটি নিবনুৱাক নিযুক্তি দিয়াৰ কথা কৈছিল কিন্তু সেয়া বি জে পিয়ে পালন নকৰিলে । অনুষ্ঠানত স্থানীয় বিভিন্ন জাতি – জনগোষ্ঠীৰ ব্যক্তি – সংগঠনৰ প্ৰতিনিধিয়ে বক্তব্য দাঙি ধৰি বি জে পিৰ প্ৰৱঞ্চনা – প্ৰতাৰণা , অপশাসনৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । 

Leave A Reply