Breaking

অমিত শ্বাহক সাক্ষাৎ অজন্তা নেওগ আৰু বিধায়ক ৰাজদ্বীপ গোৱালাৰ

0 2,100

অসম ভ্ৰমণত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে কংগ্ৰেছৰ দুই বিধায়ক অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাই । যোৱা ২৫ ডিচেম্বৰত কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছিল গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে। ইয়াৰ পাছতেই শনিবাৰে আমিনগাঁৱৰ লোক নিৰ্মান বিভাগৰ পৰিদৰ্শন বাংলোত অমিত শ্বাহৰ সৈতে হোৱা এক বৈঠকত যোৱাৰ সময়ত বিজেপিৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু পল্লৱলোচন দাসৰ লগত একেখন গাড়ীতে দেখা গৈছিল নেত্ৰীগৰাকীক।

দীৰ্ঘদিন ধৰি মৌনতা অৱলম্বন কৰি থকা কংগ্ৰেছৰ সদ্য পদত্যাগী নেত্ৰী অজন্তা নেওগে খুলিলে মুখ । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎৰ পিছত সাংবাদ মাধ্যমৰ আগত অজন্তা নেওগৰ মন্তব্য – “মই বিজেপি দলত যোগদান কৰিয়েই সকলো কম। গৃহমন্ত্ৰীৰ সৈতে মোৰ সাক্ষাৎকাৰ সৌজন্যমূলক আছিল।”

অমিত শ্বাহক সাক্ষাৎ কৰি অতি সোনকালে বিজেপিত যোগদান কৰাৰ কথা অৱগত কৰিলে নেত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয় যে যিহেতু কালি দিনটোলৈ তেওঁ কংগ্ৰেছ দলত সেইবাবে নীতি-নিয়ম পালন কৰি একো মন্তব্য কৰা নাছিল নেত্ৰীগৰাকীয়ে। বিজেপিত যোগদান কৰিয়েই সকলো অভিযোগ আৰু প্ৰশ্নৰ উত্তৰ দিব অজন্তা নেওগে। দুই এদিনতে বিজেপিত যোগদান কৰিব বুলি কয় । বৈঠকত মিলিত হৈয়েই পল্লৱলোচন দাস , পীযুষ হাজৰিকাৰ সৈতে একেখন গাড়ীতে ওভতিল অজন্তা নেওগ।

Leave A Reply