Breaking

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ প্ৰতি সমৰ্থন কংগ্ৰেছ সাংসদৰ

0 1,112

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ অখিলেশ প্ৰসাদ সিঙে ৷ তেওঁ জনায় কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিধেয়কখন আইনলৈ আনি জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰা কথাত তেওঁ সমৰ্থন দিব ৷ আমি ইয়াক সমৰ্থন দিব লাগে ৷ জনসংখ্যাৰ বাবেই ভাৰতে উন্নতিৰ মুখ দেখা নাই ৷ এনেদৰে সাংসদ সিঙে কয়৷ এয়া দেশৰ দাবী ৷ সকলো ৰাজনৈতিক দলে সহমত পোষণ কৰি একত্ৰিত হ’ব লাগে৷ মই আশা কৰো যে যেতিয়া এই বিধেয়ক সংসদত উত্থাপন হ’ব তেতিয়া কংগ্ৰেছ দলে সমৰ্থন দিব লাগে ৷ তেওঁ কংগ্ৰেছক আক্ৰমণ কৰি কয় যে এই চৰকাৰে দৃষ্টি নিবদ্ধ কৰিছিল ৰাম মন্দিৰ আৰু জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ দৰে বিষয়বোৰত৷ প্ৰধানমন্ত্ৰী মোডীৰ আত্মনিৰ্ভৰ ভাৰত বিষয়ত তেওঁ কয়, দেশ স্বাৱলম্বী হ’বলৈ এতিয়াও বাকী ৷ ফ্ৰান্সৰ পৰা ৰাফেল বিমান অনা হৈছে৷ ভাৰতে যিহেতু স্বাধীনতা অৰ্জন কৰাৰ পৰাই সকলো চৰকাৰেই স্বাৱলম্বী হোৱাৰ কথা কৈছে ৷ আনহাতে কৃষকৰ বাবে এই চৰকাৰে একো কৰা নাই বুলি তেওঁ কয় ৷

Leave A Reply