Breaking

প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত নাজিৰাত কংগ্ৰেছৰ ” প্ৰতিবাদী ধৰ্ণা “

0 2,013

কৃষক পৰিয়ালৰ খবৰ ল’বলৈ যাওঁতে উত্তৰ প্ৰদেশৰ চৰকাৰে অন্যায় ভাৱে গ্ৰেপ্তাৰ কৰা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ মুক্তিৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে নাজিৰাতো কংগ্ৰেছ দলে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । নাজিৰা পৌৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটী , সমষ্টি এন এছ ইউ আইৰ যৌথ উদ্যোগত নাজিৰা ৰাজীৱ ভৱন প্ৰাংগণৰ পৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰাংগণলৈকে শতাধিক কংগ্ৰেছ কৰ্মীয়ে সমদল বাহিৰ কৰি বিভিন্ন  প্ৰতিবাদী ধৰ্ণাৰে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । নাজিৰা গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি মৃদুল বৰগোঁহাই , সাধাৰণ সম্পাদক যোছেফ সিং , পৌৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সমষ্টি এন এছ ইউ আইৰ তত্বাৱধায়ক পৰশমণি কলিতা , অসম ৰাজ্যিক এন এছ ইউ আইৰ সম্পাদক ইজাজ ৰহমান , সমষ্টি এন এছ ইউ আইৰ সভাপতি প্ৰৱাল বৰুৱা , সম্পাদক ছাজাদ হুছেইনকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মী আৰু ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত বি জে পি গ’ বেক , নৰেন্দ্ৰ মোদী , অমিত শ্বাহ হায় হায় , প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক , বি জে পিৰ ফেচিবাদী শাসন নিপাত যাওঁক আদি বিভিন্ন ধৰ্ণাৰে উত্তাল কৰি তোলে অঞ্চলটোৰ আকাশ -বতাহ । 

Leave A Reply