Breaking

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি মতে বিদ্যুৎ সৰবৰাহ নিয়মীয়াকৰণৰ দাবীত নাজিৰাত কংগ্ৰেছ কৰ্মীৰ ধৰ্ণা : স্মাৰক পত্ৰ প্ৰদান ।

0 623

দৈনন্দিন বাৰ্তা:

বিজেপি নেৰ্তৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২৪ ঘণ্টাই বিদ্যুৎ সৰবৰাহ, বিদ্যুতৰ মাচুল হ্ৰাস কৰা হ’ব বুলি জনসাধাৰণক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু পৰিতাপৰ বিষয় যে, চৰকাৰে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাটো দূৰৰে কথা বৰ্তমান বিদ্যুৎ সৰবৰাহৰ লুকা-ভাকু আৰু প্ৰতিমাহে বিদ্যুতৰ মাচুল বৃদ্ধিয়ে জনগণক সৰ্বস্বান্ত কৰি তোলাৰ দিশতহে অগ্ৰসৰ হৈছে। তাৰোপৰি বিভিন্ন প্ৰান্তত বিদ্যুৎ বিভাগৰ অকমন্যতাৰ বাবে আওপুৰণি বিদ্যুৎ খুটা সমূহে জনগণৰ জীৱনলৈ ভয়াবহতা কঢ়িয়াই আনিছে। চৰকাৰৰ এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত চৰমভাৱে ব্যৰ্থ হোৱাৰ প্ৰতিবাদ জনাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি মৰ্মে বিদ্যুৎ সৰবৰাহ নিয়মীয়া কৰণ কৰা, আওপুৰণি বিদ্যুৎ খুটা সমূহ উন্নীতকৰণ কৰাৰ দাবী জনাই আজি নাজিৰা পৌৰ ব্লক কংগ্ৰেছ,  যুৱ কংগ্ৰেছ আৰু সমষ্টি এনএছইউআইৰ উদ্যোগত নাজিৰা মহকুমা বিদ্যুৎ সংমণ্ডলৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত ধৰ্ণা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলে বিদ্যুতৰ মাচুল হ্ৰাস কৰক, বিদ্যুৎ সৰবৰাহ নিয়মীয়াকৰণ কৰক, বিদ্যুৎ বিভাগৰ অকমন্যতা দূৰ কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তুলে। পিছত উক্ত দাবী সমূহ শীৰ্ঘ্ৰে কাৰ্যকৰীকৰণৰ বাবে নাজিৰা পৌৰ ব্লক কংগ্ৰেছ, সমষ্টি যুৱ কংগ্ৰেছ আৰু সমষ্টি এনএছইউআইৰ তৰফৰ পৰা নাজিৰা মহকুমা বিদ্যুৎ সংমণ্ডলৰ মুখ্য সঞ্চালকক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

Leave A Reply