Breaking

নগাঁৱত সামাজিক দুৰত্ব ভৰিৰে মোহাৰি কংগ্ৰেছৰ ইয়ং ব্ৰিগেড সেৱাদলৰ কৰ্মী সভা। “২০২১ৰ নিৰ্বাচনত কংগ্ৰেছ আৰু ‘কা’ বিৰোধী শক্তিয়ে এশ খন আসন লাভ কৰিব”: ৰকিবুল।

0 1,079

নগাঁও : নগাঁৱত কংগ্ৰেছৰ ইয়ং বিগ্ৰেড সেৱা দলৰ এখন কৰ্মীসভা আজি জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। ইয়ং বিগ্ৰেডৰ জিলা সভাপতি দিব্যজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গৌতম বৰা , বিধায়ক ইলিয়াছ আলি, নুৰুল হুদা, প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱাৰ লগতে ইয়ং বিগ্ৰেডৰ ৰাজ্যিক সভাপতি দ্বীপ বায়নকে ধৰি বহু কেইগৰাকী জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে । ইয়ং বিগ্ৰেডত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা সভাৰ আৰম্ভণিতে ভাৰত-চীন সীমান্ত লাডাখত নিহত হোৱা ভাৰতৰ বীৰ শ্বহীদ ২০ জোৱানৰ প্ৰতিচ্ছবিত কংগ্ৰেছৰ নেতা-কৰ্মী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাৰ ভাষণ প্ৰসংগত ইয়ং বিগ্ৰেডৰ ৰাজ্যিক সভাপতি দ্বীপ বায়নয়ে কয়, “কেন্দ্ৰ আৰু ৰাজ্যত বৰ্তমান ঘৃণাৰ ৰাজনীতি চলিছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত দীৰ্ঘদিন ধৰি বৰ্তি থকা সাতামপুৰুষীয়া ঐক্য-সংহতিৰ মাজত ঘুণে ধৰিছে।” তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কংগ্ৰেছৰ হাত মজবুত কৰিবলৈ আহ্বান জনায়।সভাত প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে কয়, “বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে। সৰ্বসাধাৰণ ৰাইজক মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰি আছে। তেওঁলোকে ৰাইজক দিয়া কোনো এটা প্ৰতিশ্ৰুতিয়েই পুৰণ নকৰিলে।” ফলত ৰাইজে অনাগত নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সাজু হৈছে বুলি মন্তব্য কৰি হুছেইনে আৰু কয়,” ইয়ং বিগ্ৰেড কংগ্ৰেছৰ শক্তি। ২০২১ ত কংগ্ৰেছৰ নেতৃত্বত ‘কা’ বিৰোধী শক্তিয়ে ১০০ টা খন আসন লাভ কৰিব।” লগতে হুছেইনে বিজেপিয়ে কৰ’না ভাইৰাছক লৈ ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে,ইতিমধ্যে বিজেপি সমাজৰ পৰা আঁতৰি গৈছে। তেওঁ নিজৰ ভাষণত টোলগেটত কৰ সংগ্ৰহ কৰিবলৈকে অখিল গগৈক চৰকাৰে আৱদ্ধ কৰি ৰাখিছে বুলিও মন্তব্য কৰাৰ লগতে নতুন উদ্যোগ নীতিৰ অধ্যাদেশৰ বিৰুদ্ধেও সৰৱ হৈ পৰে। উক্ত সভাত বিধায়ক নুৰুল হুদাই কয়যে,কংগ্ৰেছ এটা ইতিহাস প্ৰসিদ্ধ দল। এনে ইতিহাস আন কোনো দলতেই নাই। কংগ্ৰেছে এতিয়া নতুন ৰূপত আত্মপ্ৰকাশ কৰিব বুলিও তেওঁ কয়। সভাত প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱায়ো ভাষণ দিয়ে। অতি আচৰ্যজনক বিষয় এই যে ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁৱতো কৰ’না ভাইৰাছে সামাজিক সংক্ৰমণৰ ৰূপ লোৱাৰ সময়ত আজিৰ কংগ্ৰেছৰ সভাখনত একাংশ নেতা-কৰ্মীয়ে সামাজিক দূৰত্ব বজাই ৰখা পৰিলক্ষিত নহ’ল। যিয়ে সকলোকে চিন্তিত কৰি তুলিছে। উক্ত সভাত বিজেপি নেতা মোহন দে’, হেমৰাজ ভাজপাৰ, হেমেন বৰদলৈ আৰু মদন ঘোষৰ নেতৃত্বত শতাধিক বিজেপি কৰ্মী কংগ্ৰেছত আজি আনুষ্ঠানিক ভাবে যোগদান কৰে।

Leave A Reply