Breaking

বৰঝাৰ বিমান বন্দৰত কৰ্মৰত ২৫০ বিমান কর্মচাৰীক ছাটাই কৰাৰ ষড়যন্ত্ৰ

0 1,548

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ ব্যক্তিগতকৰণৰ লক্ষ্যৰে  আদানী গ্রুপক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এতিয়া বিমান বন্দৰৰ ৰানৱেত কাম কৰি অহা গ্ৰাউণ্ড ষ্টাফ হিচাপে কাম কৰি অহা  প্ৰায় ২৫০ জন খিলঞ্জীয়া কৰ্মচাৰীক ছাটাই কৰি কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্রণালয়ে  এয়াৰ ইণ্ডিয়া এয়াৰ ট্ৰেন্সপোৰ্ট  ছাৰ্ভিছ লিমিটেডক  ( এ আই এ টি এছ এল ) এই সেৱা হস্তান্তৰ কৰিব বুলি খবৰ ওলোৱাৰ পাছত  বৰঝাৰ বিমান বন্দৰ চৌহদত ভিতৰি ভিতৰি উত্তেজনাৰ সৃষ্টি হৈছে । আনকি গ্ৰাউণ্ড ষ্টাফ হিচাপে কেবাটাও বিমান পৰিবহন সেৱা ক্ৰমে এয়াৰ এছিয়া , ভিষ্টাৰা , গো এয়াৰ , দ্রুক এয়াৰ , স্পাইছ জেট আদিত জেনাছ এভিয়েছন প্ৰাইভেট লিমিটেড নামৰ  প্ৰতিষ্ঠানৰ অধীনত  প্ৰায় ১৪ বছৰ ধৰি  কৰ্মৰত হৈ আছে  ২৫০ জন  গ্ৰাউণ্ড কৰ্মচাৰী ।  তেওঁলোকক ১৫ জুলাইত ছাটাই  কৰিব বুলি খবৰ প্ৰচাৰ হোৱাৰ পাছতেই বিমান বন্দৰ চৌহদত উত্তেজনা মূলক পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰবাবে যোৱাকালি সন্ধিয়াৰ  পৰা নিশালৈ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত বৰঝাৰ বিমান বন্দৰৰ সভাগৃহত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় ।  বৈঠকত বৰঝাৰ বিমান বন্দৰৰ  সঞ্চালক ৰমেশ কুমাৰকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া , বিমান বন্দৰ পৰিচালনা কমিটিৰ সদস্য প্ৰশান্ত মহন্ত , এ আই এ টি এছ এলৰ উত্তৰ পূৱৰ মুৰব্বী সুনীল চাংগলে , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিলা নিৰীক্ষণ কমিটিৰ সদস্যদ্বয় সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , জেনাছ এভিয়েছন প্ৰাইভেট লিমিটেড কর্মী সংঘৰ ৰাজেশ দাসকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে ।  সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰঝাৰ বিমান বন্দৰত জেনাছৰ সলনি নতুনকৈ দায়িত্ব লাভ কৰা এ আই এ টি এছ এলক কোনোপধ্যেই বৰ্তমান কাম কৰি থকা ২৫০ জন কৰ্মচাৰীক ছাটাই নকৰিবলৈ আৰু  এজনো কৰ্মচাৰীক ছাটাই কৰিলে পৰিস্থিতি বিষম হব বুলি সকীয়াই দিয়ে । বৈঠকত এ আই এ টি এছ এলৰ উত্তৰ পূৱৰ মুৰব্বী সুনীল চাংগলেই তেওঁলোকে প্ৰথম পৰ্যায়ত বিমান বন্দৰত বিভিন্ন বিমান পৰিবহন সংস্থাত কাম কৰি অহা ১৫০ জন কৰ্মচাৰীক নিযুক্তি দিব বুলি ঘোষণা কৰে । বাকী স্পাইছজেটৰ অধীনত থকা প্ৰায় ১০০ জন কৰ্মচাৰীক তেওঁলোকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি সদৰি কৰে । এইখিনিতে উল্লেখযোগ্য যে কর্মী সংঘই  তেওঁলোকৰ  জীৱন জীৱিকাৰ ক্ষেত্ৰত যাতে অনিশ্চয়তাৰ সৃষ্টি নহয় তাৰ বাবে হস্তক্ষেপ কামনা কৰি ৩ জুলাইত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ সাংসদ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ উপদেষ্টা কমিটিৰ অধ্যক্ষ কুইন ওজাক পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰিছিল ।

Leave A Reply