Breaking

সমষ্টিৰ উন্নয়ন আগত, ৰাজনীতি পিছত : ভূপেন বড়ো

0 2,043

  টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় ১৫ লাখ টকাৰে নিৰ্মাণ কৰা পঞ্চায়ত খনৰ স্থায়ী কাৰ্যালয় গৃহ আৰু প্ৰায় ৫লাখ টকাৰে নিৰ্মাণ কৰা গেট আৰু পকী বেৰৰ বুধবাৰে উদ্বোধন কৰা হয়  । কাৰ্যালয় গৃহ উদ্বোধন কৰে বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োই আৰু গেট আৰু পকী বেৰ উদ্বোধন কৰে নলবাৰী জিলা মুখ্য কাৰ্যবাহী বিষয়া ড: জয়ন্ত কুমাৰ গোস্বামীয়ে । যুৱ নেতা জয়ন্ত কলিতাই আতধৰা উক্ত অনুষ্ঠানত উদ্বোধক দ্বয় ভূপেন বড়ো আৰু ড: জয়ন্ত কুমাৰ গোস্বামীয়ে যোৱা ২ অক্টোবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰা  অসমৰ ভিতৰত স্বচ্ছতা চেম্পিয়ন বঁটা লাভ কৰা ৪৫ নং পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়ত খনৰ সভানেত্ৰী ইলোৰা ডেকাৰ কাম কাজৰ ভূয়সী প্ৰশংসা কৰি ভৱিষ্যতে সমাজৰ  উন্নয়ন মূলক কামেৰে আগবাঢ়ি যাবলৈ পঞ্চায়ত সভানেত্ৰী ইলোৰা ডেকাক পৰামৰ্শ আগবঢ়াই   । অনুষ্ঠানত টিহু উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন,  সমাজকৰ্মী ধ্ৰুৱজ্যোতি বৰুৱা আদি কেইবাজনেও পঞ্চায়ত খনৰ কাম-কাজৰ শলাগ লয়  ।  সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত অ-বড়ো প্ৰধান অঞ্চলত বৰমাৰ বিধায়কে কাম নকৰাৰ অভিযোগ খণ্ডন কৰি বিধায়ক ভূপেন বড়োই প্ৰথমে সমষ্টিৰ উন্নয়ন আৰু পিছত হে ৰাজনীতি কৰিব বুলি কয় । আনহাতে উপ-নিৰ্বাচনত ইউ পি পি এল দলে প্ৰাৰ্থী থিয় কৰোৱা  তামুলপুৰ আৰু গোসাইগাও দুয়োটা সমষ্টিতে জয়লাভ নিশ্চিত বুলি ঘোষণা কৰে  । পঞ্চায়ত খনৰ সভানেত্ৰী ইলোৰা ডেকাই সকলোকে শলাগৰ শৰাই আগবঢ়ায়  । 

Leave A Reply