Breaking

ছবছৰেও নিৰ্মাণ অসম্পূৰ্ণ,টীয়ক ৰজাবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ অচলাৱস্থা

0 1,110

স্বাধীনতাৰ দহ বছৰৰ পাছতেই জাঁজীমুখৰ বিভিন্ন এলেকা আৰু বৃহত্তৰ ৰজাবাৰী অঞ্চল সামৰি স্থাপন হৈছিল এখন ৰাজ্যিক পশু চিকিৎসালয় ।পৰবৰ্তী সময়ত টীয়কৰ সুসন্তান তথা সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাই ইয়াৰ আন্তঃ গাঁথনি উন্নীত কৰিলে । চিকিৎসক সহায়কৰ আবাসগৃহ নিৰ্মান কৰি পশুপালক সকলে যাতে সকলো সময়তে উন্নত চিকিৎসা পাব পাৰে তাৰ সুব্যৱস্থা আছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসালয় খনক কৰ্মচাৰী আৰু  চৰকাৰেও অৱহেলা কৰিলে যাৰ ফলত ইয়াৰ বহু গৃহ ভাগি ছিগি গল। ৰাইজৰ অভাৱ অভিযোগ আৰু আবেদনৰ প্ৰতি সন্মান জনাই তদানীন্তন বিধায়ক মেম্বৰ গৈয়ে চিকিৎসালয় খনৰ উৱলি যোৱা ঘৰ সমূহ মেৰামতি কৰিবলৈ পুঁজি আবণ্টন দিয়াৰ লগতে আধাৰশিলা স্থাপন কৰে । কিন্তু পৰিতাপৰ বিষয় যে যোৱা   ছৱছৰেও সম্পূৰ্ণ নহল টীয়ক ৰজাবাৰী ৰাজ্যিক পশু চিকিৎসালয় খন । ২০১৪ চনতে সেই সময়ৰ বিধায়ক প্ৰয়াত মেম্বৰ গগৈ দেৱৰ তৎপৰতাত আধাশিলা  কৰা এই চিকিৎসালয় খনৰ দুটা ভৱন আজিও অৰ্ধনির্মিত হৈ পৰি আছে । বৃহত্তৰ জাঁজীমুখৰ লগতে পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ অধীনৰ বানাক্ৰান্ত অঞ্চলৰ এইখন একমাত্ৰ পশু চিকিৎসালয়। ১৯৫৭ চনতে প্ৰতিষ্ঠা হোৱা এই চিকিৎসালয় খনৰ দুৰৱস্থাই ৰাইজক বাৰু কৈয়ে  অসুবিধাত পেলাইছিল৷ এটা ভগ্নপ্ৰায় ঘৰত বহু বছৰ বহু কষ্টৰে পশুধনক চিকিৎসা সেৱা আগবঢ়াই অহাৰ বাবেই  নতুনকৈ ডাক্তৰ, কৰ্মচাৰীৰ আবাসগৃহ সংযুক্ত  ৬৫ লাখ টকৰে নিৰ্মাণ কৰা হৈছিল এই চিকিৎলয় গৃহটো ।প্ৰায় ৮০% কাম সম্পূৰ্ণ হোৱাৰ পাছতো ছবছৰে এনেদৰে পৰি থাকিল ঘৰ কেইটা। 
স্থানীয় পশুপালক সকলৰ এটাই প্ৰশ্ন  কিয় সম্পূৰ্ণ হৈ নুঠিল এই ৬৫ লাখ টকীয়া টীয়ক ৰজাবাৰীৰ পশু চিকিৎসালয় খন ? কিয় পলায়ন কৰিলে নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰ  জন ?  কোন কোন বিষয়া কৰ্মচাৰী এই চিকিৎসালয় খনৰ লগত জড়িত আছে ৰাইজে দিনৰ পোহৰত দেখা নাপায় । অসম চৰকাৰৰ পশুপালন মন্ত্ৰীৰ চকু পাৰিবনে এই চিকিৎসালয় খনত ।

Leave A Reply