Breaking

নিম্ন মানণ্ডৰে ৰাস্তা নিৰ্মাণ হোৱাত ৰাইজ ক্ষুব্ধ হৈ বন্ধ কৰিলে পথ নিৰ্মাণ কার্য।

0 1,039

মৰিয়নি বিধান সভা সমষ্টিৰ ৰাইজৰ যোগাযোগৰ লাইফলাইন স্বৰূপ ঐতিহাসিক ধোদৰ আলিৰ জৰাজীৰ্ন অৱস্থাই দীৰ্ঘদিনে জনসাধাৰনক জীয়াতু ভূগাই আহিছে । বিগত মৰিয়নি সমষ্টিৰ উপ- নিৰ্বাচনৰ আগতে এই ধোদৰ আলিৰ নিৰ্মান কৰা হ’ব বুলি অসম চৰকাৰে ঘোষনা কৰিছিল।মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ধোদৰ আলিৰ চাৰি লেনযুক্ত পথলৈ উন্নীতকৰণ কৰা হ’ব বুলিও ঘোষনা কৰিছিল।যদিও চাৰি লেনৰ পৰিৱৰ্তে পথতো মেৰামতি কৰাৰ নামত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।লোকনিৰ্মাণ বিভাগৰ নকচাৰী গ্ৰাম্য পথ সংমণ্ডলৰ তত্বাবধানত চলি থকা ধোদৰ আলিৰ নিৰ্মান কাৰ্য অতি নিম্নমাণ্ডৰ কৰি থকাৰ প্ৰত্যক্ষ কৰি আজি ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।পথতোৰ নিৰ্মানত অনিয়ম সংঘটিত হৈ অহাৰ পিচতো বিভাগীয় কতৃপক্ষই কোনো পদক্ষেপ গ্ৰহন নকৰাত আজি আজি আটছা মৰিয়নি শাখা,বীৰ লাচিত সেনা আৰু আছুৰ নকছাৰী আঞ্চলিক শাখাৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজৰ যৌথ সিধান্ত মৰ্মে পথৰ নিৰ্মান কাৰ্য বন্ধ কৰি দিয়ে। উল্লেখ্য যে,মাছখোৱাৰ পৰা চেলেংহাটৰ জাঁজী দলংৰ সমীপলৈকে ১৫ কিলমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মান কৰা ক্ষেত্ৰত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰা বাবে নিৰ্মানৰ পাছতে পথচোৱাৰ ব্লেক টেপিং হাতেৰে চুলে এৰাই যোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰত বিধ্বস্ত ধোদৰ আলিৰ মাছখোৱাৰ পৰা জাঁ‌জী দলঙলৈকে পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰিছিল ৰাজ্য চৰকাৰৰ জল সম্পদ, তথ্য আৰু জন সংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই।এই আধাৰশিলা অনুষ্ঠানত যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোকসভাৰ সাংসদদ্বয় তপন কুমাৰ গগৈ আৰু প্ৰদান বৰুৱাও এই কাৰ্য্যসূচীত উপস্থিত আছিল ।

ৰাজ্য চৰকাৰৰ এছ অ’ পি ডি ( জি ) আঁ‌চনিৰ অধীনত এই পথছোৱাৰ পুনৰ নিৰ্মান কৰা হ’ব বুলি লোকনিৰ্মান বিভাগে ঘোষনাও কৰিছিল । মৰিয়নি সমষ্টিবাসী ৰাইজৰ গুৰুত্বপূৰ্ণ এই পথটোৰ নিৰ্মাণক লৈ যে ৰাজ্য চৰকাৰে প্ৰকৃততে লৰা ধেমালিহে যে কৰি আছে সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে । মৰিয়নি সমষ্টিৰ উন্নয়নৰ বাবেহে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধোদৰ আলিৰ নিৰ্মানৰ নামত সংঘটিত দুৰ্নীতিৰ সন্দৰ্ভত সমষ্টিবাসী ৰাইজক কি উত্তৰ দিব সেয়াহে লক্ষনীয় হব।

Leave A Reply