Breaking

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ, মৰিয়নি কংগ্ৰেছ নেতাৰ দুষ্কাৰ্য

0 1,150

হাঁহচৰা :  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ কৰি মৰিয়নিত এজন কংগ্ৰেছী নেতা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণি মতে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা নকছাৰী দেৱেৰাপাৰ গাঁৱৰ বাসিন্দা ইমতাজ আলি নামৰ লোকজনৰ বিৰুদ্ধে নিজৰ গৃহ নিৰ্মাণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপ চুৰি কৰি ব্যৱহাৰ কৰা বুলি স্থানীয় পাপু জামাল হাজৰিকা নামৰ লোকজনে আৰক্ষীক এজাহাৰ প্ৰদানৰ পিছত মৰিয়নী ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰাৰ উপস্থিতিত দেবেৰাপাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ৰষেশ্বৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ইমতাজ আলি নামৰ লোকজনৰ গৃহত অভিযান চলাই ঘৰৰ পিছফালে লুকুৱাই থোৱা অৱস্থাত ১২ ডাল পাইপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে বহু সংখ্যক পাইপ লোকজনে নিৰ্মিয়মান গৃহটোত ব্যৱহাৰ কৰা লগতে চিমেন্টে প্লাচটাৰ কৰি ঢাকি দিয়ে বুলি জানিব পৰা গৈছে।  লোকজনে নৱ নিৰ্মিত গৃহটোৰ খুটা সমূহ নিৰ্মাণত পানীৰ পাইপসমুহ ব্যৱহাৰ কৰিছিল। আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্ৰেটাৰ চেলেংহাট পানী যোগান আঁচনিত ব্যৱহাৰ কৰিবলৈ মজুত ৰখা বৃহৎ সংখক পানীৰ পাইপ দীৰ্ঘদিনৰ পৰা অন্তৰ্ধান হৈ থকা পাছতো বিভাগৰ ফালৰ পৰা আৰক্ষীক অৱগত নকৰাত বিভাগটোৰ বিষয়া কৰ্মচাৰী এই চুৰি কাৰ্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ  কৰি বীৰ লাচিত সেনাৰ নকছাৰী আঞ্চলিক সমিতিয়ে এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। ইতিমধ্যে সংগঠনটোৱে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্ত্ৰা আৰু ঠিকাদাৰৰ বিৰুদ্ধে দেবেৰাপাৰ থানাত এখন এজাহাৰ দাখিল কৰি তদন্তৰ দাবী কৰিছে।

Leave A Reply