Breaking

মুদৈজানত ৰাতি ৰাতি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ: মামৰে ধৰা ৰডৰ ওপৰতে ঢালাই দিয়াৰ চেষ্টা: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰনৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ হুংকাৰ স্থানীয় ৰাইজৰ

0 1,228

যোৱা ২০১৪ চনতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিল কিন্তু আজিও যোৰহাটৰ পৰা জাঁজী দলঙলৈ চাৰিলেণ্ডৰ কামৰ যেন শেষ নাই । সমগ্ৰ জিলা খনতে ক্ৰুটিপূৰ্ণ ভাবে কাম কৰাৰ বাবে বিভিন্ন সময়ত ৰাইজ তথা বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছে । শেহতীয়াকৈ টীয়ক মুদৈজান নদীৰ ওপৰত ঠিকাদাৰী প্ৰতিষ্ঠানটিয়ে ক্ৰুটিপূৰ্ণ ভাবে নিৰ্মাণ কৰাৰ বাবে চাৰিলেণ্ড ক্ষতিগ্ৰস্ত দাবী সমিতিয়ে ৰাইজৰ  সহযোগত ভাৰতৰ প্ৰধানমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । যোৱা ২৫জুনত প্ৰায় অৰ্ধ শতাধিক ৰাইজৰ স্বাক্ষৰিত স্মাৰক পত্ৰ খনি প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ত PMOPG /E/2021/0425331 আৰু PMOG/E/2021/0439468 নম্বৰত পঞ্জীয়ন হোৱাৰ লগতে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ Under Secretary (public) ৰ দ্বাৰা বিষয়টি সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে  বুলি জানিব পৰা গৈছে। স্মাৰক পত্ৰ খনত উল্লেখ কৰা মূল দাবী সমূহৰ ভিতৰতকাষৰ পথটি যাতে নদীৰ পানীয়ে উটুৱাই নিব নোৱাৰে তাৰ বাবে  দলঙৰ সংলগ্ন কৰি এখন Retaining Wall নিৰ্মাণ কৰি এখন সত্ৰৰ মুখ্য তোৰণ, দুখন শিক্ষানুষ্ঠান আৰু কৃষিভূমি সমূহ বানপানীৰ পৰা যাতে মুক্ত হয় তাৰ ব্যৱস্থা কৰা, জলসম্পদ বিভাগৰ লগত আলোচনা কৰি নদীখনৰ পূৰ্বৰ গতিপথ অক্ষুন্ন ৰখাৰ লগতে নিৰ্মান কৰি থকা দলঙৰ আসোঁৱাহ সমূহ দূৰ কৰা, চাৰিলেণ্ড যুক্ত ৰাস্তা নিৰ্মান কৰাৰ সমান্তৰালকৈ উপপথ(Service Road) আৰু বিদ্যুতৰ খুটা সমূহ বিভাগীয় নীতি মতে হৈছেনে নাই তাৰ তদন্ত কৰা আদি । ৰাইজৰ অভিযোগ যে যোৱা মাৰ্চ মাহতে আসোঁৱাহ পূৰ্ণ ভাবে দলঙৰ জালি প্ৰস্তুত কৰিলে যত ফাৰ্মা হিচাবে ব্যৱহাৰ কৰিলে প্লাইউড। হৈ যোৱা প্ৰথমটো বানত উক্ত কাঠৰ ফাৰ্মা সমূহ নষ্ট হৈ পৰে। এতিয়া মামৰে ধৰা ৰড ৰ ওপৰতে কালি ৰাতি মবাইলৰ পোহৰত গুটি ঢালিবলৈ অহা কাৰ্য্যত স্থানীয় ৰাইজে বাধা প্ৰদান কৰে । সমগ্ৰ টীয়ক তথা যোৰহাট জিলাখন কভিড ৰ বাবে ৰেড জন এলেকা হিচাবে কাৰফিউ জাৰি কৰাৰ পিছতো এনেদৰে জনসমাগম কৰি ৰাতি ৰাতি এই আসোঁৱাহ পূৰ্ণ দলং খনৰ নিৰ্মাণ কৰিবলৈ অহাটোত ৰাইজে আচৰ্য প্ৰকাশ কৰিছে। ৰাইজে ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ দিয়াৰ উপৰিও ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ সচিব, অসমৰ মুখ্য সচিব ,জিলা উপায়ুক্ত আৰু NHIDCL ৰ মুখ্য বিষয়া লৈও পত্ৰ প্ৰেৰণ কৰিছে। দলঙৰ আসোঁৱাহ দূৰ নকৰাকৈ আৰু গাইড ৱাল নিদিয়াকৈ দলং নিৰ্মাণ কৰিলে ৰাইজে আদালতৰ কাষ চাপিব বুলি হুংকাৰ দিছে ।পৰৱৰ্তী সময়ত চৰকাৰ তথা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেইয়াহে লক্ষণীয় হব।

Leave A Reply