Breaking

কন্টেইনমেন্ট জ’ন ঘোষণা কেৱাৰীচুক গাওঁ ।

0 622

জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰথমগৰাকী কৰ’না আক্ৰান্তক কালি নিশা চিনাক্ত কৰা হয়। ক’ভিড-১৯ৰ উপস্থিত ধৰা পৰা যুৱতীগৰাকী হ’ল অঞ্চলটোৰ গেৰেকীচুক (কেৱাৰীচুক)ৰ শান্তি বৰা(২১)। কৰ্মসূত্ৰে দিল্লীৰ নইদাত থকা যুৱতীগৰাকী ৰাজ্যলৈ ঘূৰি অহাৰ পাছত তেজপুৰৰ ডন বস্কুৰ কোৱাৰেন্টইন শিবিৰৰ আছিল আৰু তাতে যুৱতীগৰাকীৰ স্বোৱাব পৰীক্ষা  কৰা হয়। স্বোৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত যুৱতীগৰাকী হোম কোৱাৰেন্টইনৰ বাবে পঠিয়াই দিয়া হয়। যোৱা ১৩ জুনত জামুগুৰিহাটৰ নিজা ঘৰলৈ আহি হোমা কোৱাৰেন্টইনত থকা যুৱতীগৰাকী দুদিন ঘৰত থকাৰ পাছত  জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হোৱাত স্বাস্থ্য বিভাগৰ লগত   যোগাযোগ কৰা হয় আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা যুৱতীগৰাকীক নাগশংকৰ হাইস্কুলত থকা কোৱাৰেন্টইন শিবিৰৰ ভৰ্তি কৰোৱাৰ লগতে পুনৰ যুৱতীগৰাকী দেহৰ স্বোৱাব পৰীক্ষাৰ বাবে বিশ্বনাথ চাৰিআলিৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়। কালি নিশা পৰীক্ষাগাৰৰ পৰা অহা ফলাফলত যুৱতী গৰাকীৰ দেহত ক’ভিড-১৯  উপস্থিত ধৰা পৰে। ইফালে যুৱতী গৰাকীৰ দেহত ক’ভিড-১৯ উপস্থিত ধৰা পৰাৰ পিছত আজি পুৱাৰ ভাগত জিলা প্ৰশাসনৰ ফালৰ পৰা আক্ৰান্ত যুৱতীগৰাকীৰ গাওঁ জামুগুৰিহাটৰ কেৱাৰীচুক অঞ্চলটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে।

Leave A Reply