Breaking

নাজিৰা নগৰৰ ৩ নং ৱাৰ্ডত কণ্টেইনমেণ্ট জ’ন : ১০ দিন পূৰ্বে গুৱাহাটীৰ পৰা অহা এজন ২০ বছৰীয়া যুৱক ক’ভিড আক্ৰান্ত ।

0 846

নাজিৰা : নাজিৰা নগৰৰ ৩ নং ৱাৰ্ডৰ ৰে’ল ষ্টেচনৰ কাষৰীয়া এলেকাৰ বাসিন্দা ২০ বছৰীয়া যুৱক আফিৰুল হুছেইন কালি আই চি এম আৰ লাহোৱালৰ পৰা অহা স্বাৱ পৰীক্ষাৰ ফলাফল অনুসৰি ক’ভিড-১৯ পজিটিভ হয়। এই যুৱকজনে ১০ দিন পূৰ্বে গুৱাহাটীৰ পৰা আহি নাজিৰাৰ নিজা বাসগৃহত উপস্থিত হৈছিল। তেওঁ বিধিগতভাৱে নিজা গৃহত পৃথকীকৃতভাৱে বাস কৰি আছিল। স্বাৱ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ লগে লগে কালি নিশাই যুৱকজনক জয়সাগৰস্থ শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ৰ ক’ভিড চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে নাজিৰা মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। কালি বিয়লি কৰ্তৃপক্ষই নগৰৰ কাষৰীয়া এলেকাটোৰ প্ৰৱেশ পথত জাননী ফলক লগাই দি সেই পথেৰে কোনো লোকৰে ওলোৱা-সোমোৱা নিষিদ্ধ কৰিছে। ইয়াৰ পূৰ্বে নাজিৰা মহকুমা প্ৰশাসনে যোৱা ২১ জুনত শিমলুগুৰি নগৰৰ ২ নং ৱাৰ্ডত শ্যাম লাল বেৰীয়া নামৰ ব্যৱসায়ীজন নিজৰ গৃহত পৃথকীকৰণ হৈ ৰোৱাৰ সময়ত ক’ভিড পজিটিভ ধৰা পৰাত সমগ্ৰ এলেকা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছিল। ক্ৰমাৎ কৰ’নাৰ সম্প্ৰসাৰণ নাজিৰাত সঘনে ধৰা পৰাৰ সময়ত সামূহিক সংক্ৰমণৰ আশংকা ঘনীভূত হৈছে। যান-বাহনৰ যুগ্ম-অযুগ্ম নীতি কঠোৰভাৱে মানি চলাৰ লগতে ঘৰৰ বাহিৰলৈ অধিক লোক ওলাই নহাকৈ বজাৰ আৰু দোকানত সমাবেশ বন্ধ কৰাৰ বাহিৰে জনসাধাৰণৰ গত্যন্তৰ নোহোৱা হৈছে। আনহাতে নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ পৰা সময়মতে তথ্য লাভ নকৰাত নাজিৰাৰ সাংবাদিক সকল বিফল হৈছে। সাংবাদিকে নিজে স্থানীয় ৰাইজৰ সৈতে যোগাযোগ কৰি ক’ভিড আক্ৰান্তৰ খবৰ লৈ কাকতলৈ প্ৰেৰণ কৰাত বহু পলম হোৱা স্বাভাৱিক ঘটনা হৈ পৰিছে। জনসাধাৰণৰ সজাগতাৰ বাবেই যে সাংবাদিকসকলক সময়মতে বাতৰি তথা তথ্য যোগান ধৰাৰ প্ৰয়োজন এই কথা নাজিৰাৰ জনসংযোগ বিভাগটোৱে পাহৰি গৈছে। উল্লেখযোগ্য যে নাজিৰা মহকুমাৰ এই গুৰুত্ত্বপূৰ্ণ বিভাগটোত এজন স্থায়ী বিষয়া নিযুক্তি নিদিয়াত আৰু বৰ্তমান তিনি-চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰি থকা এজন দণ্ডাধীশে বিভাগটোৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্তব্য পালনৰ লগতে এগৰাকী সহায়ক আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সৈতে বিভাগটো পৰিচালনা কৰিব লগা হোৱাৰ বাবেই জসংযোগহীন হৈ পৰিছে নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগটো। ৰাইজৰ আক্ষেপ এইয়াই হৈছে পৰিবৰ্তন কামী চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা। 

Leave A Reply