Breaking

৪৮ কোটি টকীয়া দুই লেনযুক্ত ৰাজ্যিক ঘাইপথ নিৰ্মাণত ঠিকাদাৰ গোষ্ঠী নাহাতাৰ অনিয়ম

0 1,236

ঢকুৱাখনাৰ খজুৱা তিনিআলিৰ পৰা মাতমৰা সংযোগী ৰাজ্যিক ঘাইপথটো দুইলেনযুক্ত কৰি নিৰ্মাণৰ বাবে চি,আৰ,এফ আঁচনিৰ অধীনত ২০১৭-১৮ বৰ্ষত  ৪৮ কোটি ৮৫ লাখ ৩৭ হেজাৰ টকাৰ আবন্টন দিয়া হৈছিল পথ নিৰ্মাণকাৰী ঠিকাদাৰ গোষ্ঠী নাহাতাক।এই বৃহৎ পৰিমাণৰ পূঁজিৰে খজুৱা তিনিআলিৰ পৰা ঢকুৱাখনা নগৰ হৈ মাতমৰা সংযোগী পথচোৱা দুইলেনযুক্ত কৰি নিৰ্মানৰ নামত ঠিকাদাৰগোষ্ঠী নহাতাই ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে।নিৰ্মীয়মান অৱস্থাত থকা উল্লেখিত ৰাজ্যিক ঘাইপথটোৰ খামন বিৰিণা অংশত থকা এটা অতি পুৰণি কালভাৰ্ট ভাঙি নতুনকৈ তাত কালভাৰ্ট সজাৰ বিপৰীতে ঠিকাদাৰ গোষ্ঠী নাহাতাই আৰু লোকনিৰ্মাণ বিভাগৰ অভিযন্তাৰ সৈতে মিলি পথটোৰ নামত আবন্টিত টকাৰ লুণ্ঠনৰ অংকৰে পূৰ্বৰ দূৰ্বল কালভাৰ্টৰ দুইমূৰ সামান্য ভাঙি ৰ’দ জোৰা দি বহলকৈ নিৰ্মাণ কৰিবলৈ লৈছে।দুইলেনযুক্ত এটা ৰাজ্যিক ঘাইপথত এনেদৰে জোৰা-টাপলি মাৰি নিৰ্মাণ কৰা পকী কালভাৰ্টে কিমান দিন লাচটিংকৰিব তাক লৈও ৰাইজৰ সন্দেহ উপজিছে ! কিয়নো যিটো পূৰণি কালভাৰ্ট মাজত ৰাখি তাৰ দুইমূৰত ৰ’দ সংযোগ কৰি বহল কৰিবলৈ বিচাৰিছে তাৰ বহন ক্ষমতা এটা দুইলেনযুক্ত পথত চলিব লগা গধুৰ যান-বাহন পাৰাপাৰ হ’ব পৰাকৈ নাই।সেইয়ে এই কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে ঢকুৱাখনা প্ৰশাসনক তদন্তৰ ব্যৱস্থা কৰি উচিত প্ৰদক্ষেপ গ্ৰহণৰ দাবী জনাইছে।

Leave A Reply