Breaking

গৰমৰ দিনত এইদৰে ৰান্ধি খাওক মাছৰ আঞ্জা! অসমীয়া নৱবৰ্ষত শিকি লওক মাছৰ ৰন্ধন প্ৰণালী…

0 25

মাছৰ আঞ্জা বুলি ক’লেই নিশ্চয় সকলোৰে লোভ লাগে, নহয়নে? মাছৰ টেঙা আঞ্জা আৰু প্ৰিয় নহয় জানো। মাছ আপুনি মনৰ পছন্দ অনুসৰি সোৱাদ লগাকৈ ৰান্ধি খাব পাৰে। যিহেতু এতিয়া গৰমৰ দিন আহিল গতিকে মাছ অলপ বেলেগ সোৱাদ লগাকৈ খাব মন যায় নহয় জানো। আহকচোন জানো গৰমৰ দিনত মাছ কেনেকৈ ৰান্ধি খাব পাৰি-


আম বা থেকেৰা কাটি নিমখীয়া পানীত তিয়াই ৰ’দত শুকুৱাই ৰাখেনে। অসমীয়া সমাজত এনেদৰে আম বা থেকেৰা ৰখাৰ পৰম্পৰা আছে। আম বা থেকেৰা কাটি শুকুৱাই মাটিৰ কলহত ৰাখিলে বছৰ বছৰ ধৰি ভাল হৈ থাকে। আপুনি এই আম বা থেকেৰাই মাছ, চাটনি বা দাইল বনাব পাৰে। এইদৰে ৰন্ধা মাছৰ টেঙা আঞ্জাখন অতি সোৱাদ লগা হয়।


নৱবৰ্ষত বনাব পৰা গ্ৰীষ্মকালীন এটা মাছৰ ৰেচিপি হৈছে-

৪ টুকুৰা ৰৌ মাছ

২ চামুচ সৰিয়হৰ পেষ্ট

১/২ চামুচ পাঞ্চফোৰণ

২ টা শুকান জলকীয়া

শুকান আম খোজ অনুসৰি টেহা সোৱাকৈ

৬-৮ টুকুৰা কুমলীয়া ৰঙালাও

২-৩ টা কেঁচা জলকীয়া

সোৱাদ অনুসৰি নিমখ

সামান্য হালধি

প্ৰয়োজন অনুসৰি সৰিয়হৰ তেল

পদ্ধতি:

আম নিমখৰ পানীত এবাৰ ধুই একাপ পানীত তিয়াই থব।

মাছত নিমখ আৰু হালদি লগাই তেলত লাহে লাহে ভাজিব।

কেৰাহীত তেল গৰম কৰি পাঞ্চফোৰন আৰু শুকান জসকীয়া দিব, গোন্ধ ওলালে কুমলীয়া ৰঙালাও দিব। নিমখ-হালদি দি আধা ভাজিব।

একাপ পানীত সৰিয়হৰ গুটি উতলাই কেৰাহীত ঢালি দিব। ঢাকি ৰান্ধি থাকিব, শেষত তিয়াই থোৱা আমৰ টুকুৰা কেইটা দিব। খন্তেক পিছতে জুইৰ পৰা নমাই ৰাখিব আৰু ঠাণ্ডা হ’লেই পৰিৱেশন কৰিব।

Leave A Reply