Breaking

ঢকুৱাখনা মাজ জালভাৰীত সমবায় এজেণ্টৰ চাউল কেলেংকাৰী ।

0 49

ঢকুৱাখনা

ঢকুৱাখনা মাজ জালভাৰী সমবায় এজেণ্টৰ বিৰুদ্ধে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ভুৱা হিতাধিকাৰীৰ নামত চাউল বিতৰণৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে ঢকুৱাখনা মাজ জালভাৰী গাঁৱৰ অনন্ত শইকীয়া নামৰ এজেণ্ট জনে বহু বছৰ ধৰি সমবায় চাকৰিয়াল, পেঞ্চনাৰ আৰু কিছুমান ভুৱা হিতাধিকাৰীক চাউল বিতৰণ কৰা দেখুৱাই দূৰ্নীতি কৰি আহিছিল।এই কথা পোহৰলৈ অহাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।অভিযোগ অনুসৰি ল’ক ডাউনৰ সময়ত চৰকাৰে ৰেচন কাৰ্ড নথকা দুখীয়া লোকক চাউল আৰু এহেজাৰ টকা কৈ বিতৰণ কৰা সময়ত বঞ্চিত হয় বহুতো প্ৰকৃত হিতাধিকাৰী ।
তেওঁলোকে ঢকুৱাখনাৰ মহকুমাধিপতি আৰু যোগান বিভাগত খবৰ কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী । সমবায় এজেণ্ট অনন্ত শইকীয়াই ইমান দিনে প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে ভুৱা হিতাধিকাৰীৰ নামত চাউল সংগ্ৰহ কৰি চোৰাংকৈ বিক্ৰী কৰি আহিছিল । আনকি ধূৰন্ধৰ এই এজেণ্ট জনে নিজ পত্নী ৰুণু শইকীয়াৰ নামতে ‘মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা’ আৰু ‘দৰিদ্ৰ সীমাৰেখা তলৰ’ দুখনকৈ কাৰ্ড বনাই চাউল সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহে।ইয়াৰোপৰি এজেণ্ট অনন্ত শইকীয়াৰ পত্নীৰ সম্পৰ্কীয় চাকৰিয়াল কেইবাটাও পৰিয়ালক দৰিদ্ৰ সীমাৰেখাৰ তলৰ দেখুৱাই চাউল বিতৰণ কৰাৰ তথ্য পোহৰলৈ আহিছে । ইপিনে এজেণ্ট অনন্ত শইকীয়াৰ কৃষক ভাতৃক এই সুবিধাৰ বঞ্চিত কৰি ৰখাৰ ভয়ঙ্কৰ তথ্যও পোহৰলৈ আহিছে ।এই লৈ বঞ্চিত হিতাধিকাৰী সকলে ঢকুৱাখনা মহকুমাধিপতি আৰু যোগান বিভাগত অভিযোগ দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ।সেয়েহে গাঁওবাসীয়ে এই বিষয়ত এক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ।

Leave A Reply