Breaking

তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও

0 2,097

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি মহকুমাটোৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সহযোগত তামুলপুৰ মহকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ সন্মুখত সমবেত হৈ  তিনিঘণ্টীয়া শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা ৮৭০০ টকাৰ গ্ৰেড পে’ পুনৰ ঘূৰাই দিয়াৰ দাবীক মুখ্য দাবী হিচাপে লৈ তামুলপুৰ মহাকুমাৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে দিনৰ এঘাৰ বজাৰ পৰা দুই বজালৈ তিনি ঘণ্টীয়া শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তঅংশগ্ৰহণ কাৰী শিক্ষক-শিকয়িত্ৰীসকলে প্ৰাথমিক বিদ্যালয়ত প্ৰধান  শিক্ষকৰ নিযুক্তি দিয়ক, স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়ক, অসম চৰকাৰ হায় হায়, অসম ৰাজ্যিক প্ৰাথমিক  শিক্ষক সন্মিলনী জিন্দাবাদ ,শিক্ষক ঐক্য জিন্দাবাদ আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। নেতৃবৃন্দই প্ৰকাশ কৰা মতে ইতিপূৰ্বে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সতে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত ৩৭ বাৰকৈ আলোচনাৰ অন্তত অসমৰ মুখ্যমন্ত্ৰীয়ে দুয়োটা দাবীৰ নায্যতা বুজি শিক্ষা আৰু বিত্ত বিভাগক দাবী পূৰণৰ নিৰ্দেশ দিছিল যদিও কাৰ্যকৰী নোহোৱাত বিগত ২২ জানুৱাৰী তাৰিখে ৰাজ্যৰ চল্লিশ সহস্ৰাধিক শিক্ষকে মুখ্য মন্ত্ৰীৰ বাসভৱনত ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি সেইদিনাৰে পৰা সুদীৰ্ঘ বিশদিন  বিত্তীয় লেনদেন আৰু তথ্য আদান-প্ৰদানৰ পৰা বিৰত থাকি আংশিক অসহযোগ পালন কৰিছিল। কিন্তু তাৰপিছতো বিষয়টোত কোনো মান্যতা প্ৰদান নকৰাত যোৱা বাজেট অধিৱেশনৰ দিনকেইটাত তিনি দিনীয়া পূৰ্ণ অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। তথাপি সমস্যা সমাধানৰ কোনো আদেশ প্ৰকাশ কৰা নোহোৱাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আজি তামুলপুৰ মহকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক ৰ কাৰ্যালয়ত তিনি ঘণ্টীয়া ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি অতি শীঘ্ৰে মুখ্য মন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী কৰি আদেশ প্ৰকাশৰ দাবী জনায়। ঘেৰাও কাৰ্যসূচীৰ অন্তত তামুলপুৰ মহকুমা শিক্ষক সন্মিলনীৰ তৰফৰ পৰা তামুলপুৰ মহকুমা বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। এই ঘেৰাও কাৰ্যসূচীত  তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি বলো ৰাম বড়ো,সাধাৰণ সম্পাদক বাৰহুংখা বড়ো,বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি উমেশ তালুকদাৰ, তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপদেষ্টা দীনেশ দাস, তামুলপুৰ আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সুৰেণ ৰাভা, বসন্ত তালুকদাৰ, নাৰায়ণ কলিতা প্ৰমুখ্যে শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply