Breaking

কৰ’না, অসম আৰু দিহিং-পাটকাই অভৰায়ণ্য

0 16
  •  বিদ্যাৱতী গগৈ

দ্ৰুতগতিত বাঢ়ি অহা কৰ’ণা ৰোগীৰ সংখ্যাই আতংকৰ সৃষ্টি কৰিছে। কিন্তু লক্ ডাউনৰ শিথিলতাৰ সুযোগ লৈ দোকান বজাৰত মানুহৰ সমাগম দেখি আমি প্ৰকৃততেই আতংকিত হৈছোঁ বুলি ক’ব পাৰিমনে? অসমৰ তিনি কোটি জনতাৰ মাজৰ পৰা এক তৃতীয়াংশ জনতাও ছাগে আতংকিত হোৱা নাই। বৰ্হি ৰাজ্যৰ পৰা ৰেল বা বাছৰ জৰিয়তে অহা লোকসকলক কোৱেৰেন্টিন কৰাৰ ব্যৱস্থা কৰিছে ঠিকেই; কিন্তু খোজ কাঢ়ি বা অইন বিভিন্ন উপায়েৰে আহি থকা লোকসকলক দেখি তেওঁলোকৰ দুখত দুখী হৈ উঠিছোঁ। এই সকল লোক অসমলৈকে আহিছে বা অন্য ৰাজ্যলৈকে গৈছে, য’তেই নাযাওক কিয় তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাতো জৰুৰী আছিল। নহ’লে কি অৱস্থালৈ গতি কৰিব সেইয়া হয়তো কল্পনাতীত। আমাৰ অসমখনৰ স্বাস্থ্যবিভাগটো উন্নত নহয় যদিও বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি তৎকালীন তথা ক্ষিপ্ৰতাৰে মানুহক সজাগ সচেতন কৰাৰ লগতে বিভিন্ন ঠাইত কোৱেৰেন্টিন শিবিৰ স্থাপন কৰিছে তাৰবাবে আমি তেখেতৰ শলাগ ল’ব‌ই লাগিব। বৰ্তমান অসমৰ মানুহৰ বাবে তেখেত দেৱতাস্বৰূপ। কিন্তু ইমানখিনি কৰাৰ পিছতো আমাৰ মানুহবোৰৰ অসাৱধানতাই তেখেতৰ কষ্ট পানী কৰিব যেন বোধ হৈছে। আমি সজাগ আৰু সচেতন হ’লেহে কৰ’ণা আক্ৰমণৰ পৰা বাচিম।এতিয়া কথা হ’ল- দূৰদৰ্শনৰ পৰ্দাতে হ‌ওঁক বা চ’ছিয়েল মাধ্যমতে হ‌ওঁক, আমি পাই আহিছোঁ যে অসমৰ মানুহৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা বহু বেছি। এইয়া নিশ্চয় অসমৰ জলবায়ু তথা পৰিৱেশৰ বাবেই সম্ভৱ হৈছে। সৰুতেই পঢ়িছিলোঁ- কল-কাৰখানাই মানুহৰ দৈনন্দিন জীৱনত জীৱন ধাৰণ প্ৰণালী উজু কৰাৰ লগতে মানুহৰ জীৱনলৈ মৃত্যু ভাৱুকিও কঢ়িয়াই আনে। জীৱশ্ৰেষ্ঠ মানুহৰ তেন্তে এইকণো জ্ঞান নাই নে যে- য’ত বৰ্তমান কৰ’ণাৰ আতংক চলি আছে, যি এক অদৃশ্য মৃত্যুদূত, য’ত দিনে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে তাৰপিছতো নিজৰ লাভালাভৰ কথা চিন্তা কৰিছে! আজি কৰ’ণাৰ বাবেই গোটেই বিশ্বৰ বিজ্ঞান পিছ পৰি ৰৈছে। মৃত্যুক ৰোধ কৰিব পৰা নাই বিজ্ঞানে। মহাকাশজান, মঙ্গল গ্ৰহৰ চিন্তাও দূৰ হৈ গৈছে। একমাত্ৰ জীৱনৰ স্বাৰ্থত টকা মূল্যহীন হৈ পৰিছে। বৰ্তমান সময়তো এনেকুৱা হৈ পৰিছে দুসাঁজ ভালকৈ খাই জীয়াই থাকিলেই যেন সুখী হৈ পৰিম। তাৰপিছতো প্ৰকৃতিক লৈ  খেলা খেলখন দেখিলে সহ্য নহয়।  দিহিং-পাটকাই অভৰায়ণ্য ! বৰ্তমান সকলোৰে চৰ্চিত বিষয়। কিন্তু কিয় আমি এই বৰ্ষাৰণ্যখনৰ বাবে চিঞঁৰিব লগা হৈছে। কাৰণ Coal India Ltd.ৰ পৰা অহা প্ৰস্তাৱ অসম ফৰেষ্ট ডিপাৰ্টমেন্টে  মানি লৈছে। যিখন অৰণ্য হাতীৰ মুক্ত বিচৰণথলী সেই অৰণ্যকে আমি ধ্বংস কৰিবলৈ আগবাঢ়িছোঁ। অথচ দুদিনমানৰ আগতে যেতিয়া ব্ৰাজিলৰ আমাজানক জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল, জীৱ জন্তুবোৰ জীয়াই জীয়াই পুৰি এঙাৰ হৈছিল, বৰ বৰ গছবোৰ ছাইত পৰিণত হৈছিল তেতিয়া গোটেই বিশ্ব‌ই কান্দিছিল। আমি ভাৰতবাসীয়েও উচুপিছিলো। কিন্তু সেই উচুপনিৰ কি মূল্য থাকিব যদি আমি পুনৰ আন এখন অৰণ্যক নিজ হাতেৰে ধ্বংস কৰোঁ!! কি মূল্য থাকিব আমাৰ সেই চকুলোৰ যদি পশু পখীৰ হাহাকাৰবোৰ চকুৰে দেখিও বুজি নাপাওঁ!! যেনেকৈ আছে তেনেকৈয়ে থাকিব দিয়ক হে জীৱশ্ৰেষ্ঠ সকল! লাভ লোকচান বিচৰাতকৈ ইমানদিনে থকাখিনিকে তাতকৈ ভালকৈ গঢ়ি তোলক। প্ৰকৃতিক বিনষ্ট নকৰিব। প্ৰকৃতিৰ বুকুত থকা জীৱকুলৰ কথাও চিন্তা কৰক। আমি লক্ ডাউনত বন্দী হৈ থাকোঁতে বনৰ জীৱকুল মুক্ত হৈ ঘূৰিছিল। সিহঁতৰো একোটা প্ৰাণ আছে, মুক্ত মন আছে। আমি প্ৰাণৰ মমতাত ঘৰৰ ভিতৰত আছোঁ। অৰণ্যখন ধ্বংস হ’লে সিহঁতৰ কি হ’ব ভাৱক। বন ঔষধিৰে ভৰি থকা অসমৰ অৰণ্যবোৰ আৰু ধ্বংস নকৰিব। জীৱনটো সুন্দৰ, সৰল আৰু সুখী কৰিবলৈ বহুত বস্তু আমাক নালাগে। যদি মৃত্যুক জিনিব খোজে প্ৰকৃতিক বচাওক। প্ৰকৃতিয়েহে আমাক বচাব, উদ্যোগে মৃত্যু মাতিব।