Breaking

ৰঙিয়াত ক’ৰোণাৰ সংহাৰ,এসপ্তাহৰ ভিতৰত মৃত্যু তিনিজনৰ

0 2,025

ৰঙিয়াত কোভিডত আক্রান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজন হৈছে ৰঙিয়া বনগাঁও নিবাসী কুশল চৌধুৰী। স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে  কালি অসামৰিক চিকিৎসালয়ত কৰোণাৰ পৰীক্ষা কৰাত তেওঁৰ  শৰীৰত কৰণাৰ সংক্ৰমণ ধৰা পৰিছিল ।পৰিয়ালৰ অনুৰোধ মৰ্মে তেওঁক ঘৰতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছিল ।কিন্তু ঘৰতে থকা অৱস্থাত তেওঁ হঠাৎ উশাহ- নিশাহ লোৱাত কষ্ট অনুভৱ কৰে । ইয়াৰ পিছতেই লৈকজনকপুনৰ চিকিৎসালয়ত অনা হৈছিল যদিও তেওঁৰ ৰঙিয়া অসামৰিক চিকিৎসালত মৃত্যু হয় । উল্লেখযোগ্য যে দুদিন পূৰ্বেও ৰঙিয়া চেফ ঢাবাৰ স্বত্বাধিকাৰী আৰু ভট্টপাৰা নিবাসী যুৱক দুজন মৃত্যুমুখত পৰিছিল আনহাতে প্ৰায় শতাধিকলোকৰ কʼভিদ পʼজিটিভ ধৰা পৰে । এইঘটনাই স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে ৰঙিয়াৰ ৰাইজক ।

Leave A Reply