Breaking

দিল্লীৰ চিআৰপিএফৰ কেম্পত ক’ৰ’ণাত আক্ৰান্ত ১২২ উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

0 59

অনলাইন বাৰ্তা, ২ মে’ঃ দিল্লীৰ ময়ূৰবিহাৰৰ চিআৰপিএফৰ কেম্পত ১২২জন ক’ৰ’ণাত আক্ৰান্ত হৈছে৷ উল্লেখ্য যে ক’ৰ’ণাত আক্ৰান্ত হৈ ইতিমধ্যে এজন জোৱানৰ মৃত্যু হৈছে৷ তাৰ পাছত এজনক কোৱাৰেণ্টাইনলৈ পঠোৱা হয়৷ ইয়াৰ পাছতো ইয়াত সংক্ৰমণ ৰোধ কৰাত সম্ভৱ নহ’ল এই কেম্পত৷ ইতিমধ্যে ১২২জনৰ দেহাত ক’ৰ’ণাই আশ্ৰয় লৈছে বুলি পৰীক্ষাৰ ৰিপৰ্টত প্ৰকাশ৷ যিহেতু এই পৰীক্ষাত পজিটিভ পোৱা গৈছে৷ বিষয়টোক লৈ অতি উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷ পূব দিল্লীৰ এই কেম্পত আছে চিআৰপিএফৰ ৩১ নম্বৰ বেটেলিয়ন৷ কিছুদিনৰ আগতে এই বেটেলিয়নৰ এজন জোৱান ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷ চিআইএচএফৰ এই সদস্যজন ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজত নামিছিল৷ তেওঁ নাৰ্ছিং এছিছটেণ্ট হিচাপে কাম কৰিছিল৷ যোৱা ১৭ এপ্ৰিলত তেওঁৰ দেহাত ক’ৰ’ণাৰ উপসৰ্গই দেখা দিয়ে৷ ২১ এপ্ৰিলত পৰীক্ষা কৰি তেওঁ ক’ৰ’ণাত পজিটিভ ধৰা পৰে৷ তেওঁক ৰাজীৱ গান্ধী হাস্পতালত ভৰ্ত্তি কৰোৱা হয়৷ ইয়াৰ পাছতে এই বেটেলিয়ন কেম্পৰ সদস্যসকল ক’ৰ’ণাত আক্ৰান্ত হয়৷ এই বেটেলিয়ন কেম্পৰ ৪৫ জন জোৱানৰ দেহাত ক’ৰ’ণাৰ অস্তিত্ব ধৰা পৰাত তাৰ এক হাজাৰজনৰ কোৱাৰেণ্টাইনলৈ পঠোৱা হয়৷ এই মুহূৰ্তত ইয়াৰ সংখ্যা বাঢ়ি ১২২ হ’লগৈ৷ চিআৰপিএফৰ সূত্ৰে পোৱা খবৰ মতে ইতিমধ্যে ১২২ জনৰ ক’ভিড ৰিপৰ্ট পজিটিভ পোৱা গৈছে৷ আন এশজনৰ ৰিপৰ্টৰ অপেক্ষাত আছে৷ কিদৰে এই সংক্ৰমণ বাঢ়িল চিআৰপিএফৰ সঞ্চালক প্ৰধান এ পি মহেশ্বৰীৰ পৰা ব্যাখ্যা বিচাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷

Leave A Reply