Breaking

যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাৰ সংক্ৰমণৰ হাৰ ৯.৬৯ শতাংশ

0 1,043

দৈনন্দিন বাৰ্তা ডেস্ক :ক’ৰোনা ভাইৰাছত যোৱা দুটা দিনত দেশত এক লাখৰো অধিক লোক আক্ৰান্ত হয়৷ ফলত আক্ৰান্তৰ সংখ্যা ১৪ লাখ স্পৰ্শ কৰিলেগৈ৷ প্ৰতি দিনে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশাসন আৰু চিকিৎসকসকল চিন্তিত হৈ পৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা মতে যোৱা ২৪ ঘণ্টাত ৪৯ হাজাৰ ৯৩১ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷ এই বৃদ্ধিক লৈ দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৪ লাখ ৩৫ হাজাৰ ৪৫৩ জন হ’লগৈ৷ উল্লেখ্য যে প্ৰতি দিনাই মানুহৰ পৰীক্ষা হৈছে৷ তাৰ মাজতে ক’ভিড পজিটিভৰ ৰিপৰ্ট আহিছে৷ ক’ভিড পজিটিভ বা সংক্ৰমণৰ হাৰ যোৱা ২৪ ঘণ্টাত দেশত ৯.৬৯ শতাংশ। যোৱা ২৪ ঘণ্টাত দেশত পৰীক্ষা হৈছে ৫ লাখ ১৫ হাজাৰ ৪৭২ জন৷ ইপিনে মৃত্যুৰ হিচাপত স্পেইন আৰু ফ্ৰান্সক চেৰ পেলাই ভাৰত ওপৰত আছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্ত হৈ ৭০৮জন লোকৰ মৃত্যু হয়৷ ইয়াকে লৈ দেশত ক’ৰোনাত মুঠ মৃত্যুৰ সংখ্যা ৩২ হাজাৰ ৭৭১জন হ’লগৈ৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১৩৬৫৬, দিল্লীত ৩৮২৭, তামিলনাডুত ৩৪৯৪ আৰু গুজৰাটত ২৩২৬ জন লোকৰ মৃত্যু হৈছে৷

Leave A Reply