Breaking

ভাৰতত ক’ৰোনাত আক্ৰান্তৰ মুঠ ৪৩ লাখ অতিক্ৰম : দেশৰ ৫ ৰাজ্যত সৰ্বাধিক সংক্ৰমণ

0 1,278

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪৩ লাখ পাৰ কৰিছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে জনোৱা মতে পাঁচখন গুৰুতৰভাৱে আক্ৰান্ত ৰাজ্যত ৬০ শতাংশ লোকৰ দেহালৈ এই ভাইৰাছ সংক্ৰমণ হৈছে ৷ লক্ষ্যনীয় যে কেৱল মহাৰাষ্ট্ৰতে যোৱা ২৪ ঘণ্টাত ২০ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ দেশৰ ভিতৰত পাঁচখন ৰাজ্যত আছে ৬০ শতাংশ ক’ৰোনাত আক্ৰান্ত ৷ মুঠ ৮৯৭০৬ জন লোক যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৷ মহাৰাষ্ট্ৰত ২০ হাজাৰ লোকৰ উপৰি অন্ধ্ৰপ্ৰদেশত ১০ হাজাৰ লোক আক্ৰান্ত হয় ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰিছে ৷ সৰ্বাধিক আক্ৰান্ত হোৱা দেশৰ ভিতৰত ৰাজ্যকেইখন হ’ল মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ ৷ ভাৰতত সম্প্ৰতি ক’ভিড-১৯ত মুঠতে আক্ৰান্ত হৈছে ৪৩,৭০,১২৮ জন ৷ ইয়াৰে ভিতৰত ৩৩,৯৮,৮৪৪ জন লোক সুস্থ হৈছে ৷ আনহাতে সক্ৰিয়ৰ সংখ্যা হ’ল ৮,৯৭,৩৯৪ জন ৷ দেশত মুঠতে ৭৩,৮৯০জনৰ মৃত্যু হৈছে ৷ যোৱা ২৪ ঘণ্টাত ১১১৫ জন লোকৰ মৃত্যু হয় ৷

Leave A Reply