Breaking

ভাৰতত ক’ৰোনা আক্ৰান্তত ৫০ লাখ অতিক্ৰম

0 1,279

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ৫০ লাখ অতিক্ৰম কৰিলে ক’ৰোনা সংক্ৰমণ ৷ আনহাতে এদিনৰ হিচাপত বিশ্বৰ ভিতৰত প্ৰথম হ’লগৈ ভাৰত ৷ এই মুহূৰ্তত ক’ৰোনাৰ প্ৰকোপত সবাতোকৈ জুৰুলা দেশ ভাৰত ৷ পৰিসংখ্যাৰ অন্তত এই কথা প্ৰকাশ পাইছিল ৷ উল্লেখ্য যে সংক্ৰমণত প্ৰথম স্থানত আছে মার্কিন যুক্তৰাষ্ট্ৰ ৷ এইখন দেশত আক্ৰান্ত ৬৬ লাখৰো অধিক ৷ দ্বিতীয় স্থানত ভাৰত আৰু তাৰ পাচত তৃতীয় স্থানত ব্ৰাজিল ৷ ব্ৰাজিলত মুঠ ৪৩ লাখ ৮২ হাজাৰ আক্ৰান্ত হৈছে ৷ মন কৰিব লগা যে কেইদিনমানৰ আগতে ৯০ হাজাৰ আক্ৰান্তৰ সংখ্যাই অভিলেখ গঢ়িছিল ৷ ইপিনে যোৱা ২৪ ঘণ্টাত দেশত ৯০ হাজাৰ ১২৩জন ক’ৰোনাত আক্ৰান্ত হয় ৷ তাৰ তুলনাত মার্কিন যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলত কিছু পৰিমাণে কম ৷ মার্কিন যুক্তৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ৫০ হাজাৰ ৯৫৬ আৰু ব্ৰাজিলত ৩৬ হাজাৰ ৬৫৩ জন আক্ৰান্ত হয় ৷ তদুপৰি ভাৰতত ৩৯,৪২,৩৬০ জন লোক আৰোগ্য হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য মতে ভাৰতত মুঠ ৫০,২০,৩৫৯ জন ক’ৰোনাত আক্ৰান্ত হয় ৷ ইয়াৰ উপৰি দেশত মুঠ ৮২,০৬৬ জন লোক ক’ৰোনাত মৃত্যু হয় ৷ যোৱা ২৪ ঘণ্টাত ১২৯০ জন লোক ক’ৰোনাত মৃত্যু হয় বুলি প্ৰকাশ ৷ ভাৰতত ক’ভিড-১৯ত মাত্ৰ ২১ দিনত ১০ লাখৰ পৰা ২০ লাখ পালেগৈ ৷ ইয়াৰ পাচত ১৬ দিনত ৩০ লাখ হয়গৈ ৷ তাৰ পাচত ১৩ দিনত ৪০ লাখ আৰু ১১ দিনৰ ভিতৰত ৫০ লাখ পালেগৈ ৷ দেশত ১১০ দিনত এই সংখ্যাই স্পৰ্শ কৰে ৷ ক’ভিড-১৯ত মৃত্যুৰ হাৰ ১.৬৩ শতাংশ বুলি প্ৰকাশ ৷ দেশত সক্ৰিয়ৰ সংখ্যা হ’ল ৯,৯৫,৯৩৩ জন ৷ ইয়াৰ হাৰ হ’ল ১৯.৮৪ শতাংশ ৷ আইচিএমআৰৰ তথ্য মতে দেশত ১৫ ছেপ্টেম্বৰলৈকে মুঠ ৫,৯৪,২৯,১১৫ টা নমুনা পৰীক্ষা কৰা হৈছে ৷ মঙলবাৰে ১১,১৬,৮৪২টা নমুনা পৰীক্ষা কৰা হয় ৷

Leave A Reply