Breaking

ক’ৰোনাৰ ঔষধ : বাবা ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু, ৩০ জুনত আদালতত শুনানি ।

0 1,159

দৈনন্দিন বাৰ্তা ডেস্ক :

এফ আই আৰ দিয়া হ’ল বাবা ৰামদেৱৰ বিৰুদ্ধে ৷ তেওঁৰ লগতে আন চাৰিজনৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে৷ ক’ৰোনাৰ ঔষধ হিচাপে ‘‌কৰোনিল’ৰ প্ৰচাৰ আৰু ‘কপটতা’ অনাৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে৷ যোৱা মঙলবাৰে এক সংবাদ মেলত বাবা ৰামদেৱে তেওঁৰ আয়ুর্বেদিক ঔষধৰ কোম্পানী পতঞ্জলি আয়ুর্বেদে ‘কৰোনিল’‌ আৰু ‘‌স্বচৰী’‌ নামৰ ক’ৰোনা ভাইৰাছ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰিছে বুলি কয়৷ কিন্তু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে জনায় যে কোনো ৰোগীৰ ওপৰত ইয়াৰ প্ৰয়োগ কৰা নহ’ব৷ লগতে বিজ্ঞাপনো বন্ধ কৰি দিয়ে৷ ইয়াৰ মাজতে শুকুৰবাৰে জয়পুৰ জ্যোতিনগৰ থানাত এফআইআৰ দিয়ে পতঞ্জলি আয়ুর্বেদেৰ স্রষ্টা যোগা গুৰু ৰামদেৱ, পতঞ্জলিৰ চিইঅ’ আচার্য বালকৃষ্ণ, বিজ্ঞানী অনুৰাগ ভার্ছনে, এনআইএমএছ–ৰ সভাপতি বলবীৰ সিং তোমৰ আৰু কর্মকর্তা অনুরৰাগ তোমৰৰ বিৰুদ্ধে। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ ক’ৰোনাৰ ঔষধ হিচাপে ‘‌কৰোনিল’‌ৰ বিভ্রান্তিকৰ প্ৰচাৰত নামিছে৷ এই কথা জয়পুৰ জ্যোতিনগৰ থানাৰ বিষয়া সুধীৰ কুমাৰ উপাধ্যায়ে জনাইছে৷ এফআইআৰ দাখিল কৰিছে বলৰাম জখৰ নামৰ এজন ব্যক্তিয়ে৷ এই সন্দৰ্ভত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ তাৰ মাজতে ৪২০ ধাৰা আছে৷ অহা ৩০ জুনত আদালতে শুনানিৰ দিন ধাৰ্য কৰিছে৷

Leave A Reply