দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ ৰক্তত ভিটামিন ডিৰ পৰিমাণ কম হ’লে বিপদজনক হৈ পৰে৷ ফলত ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে৷ ইজৰাইলৰ গৱেষকসকলে এই কথা পোহৰলৈ আনিছে৷ ভিটামিন ডি হ’ল এটা হৰমন৷ সূৰ্যৰ পোহৰত চালত ই উৎপন্ন হয়৷ শৰীৰত কেলচিয়াম আৰু ফচফেটৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যি হাড়, দাঁত আৰু পেশী সুস্থ কৰি ৰাখে৷ কম প্লাজমা ভিটামিন ডি স্তৰৰ প্ৰকৃত তথ্য ব্যৱহাৰ কৰি ক’ৰোনা ভাইৰাছ ৰোগৰ সংক্ৰমণ আৰু চিকিৎসালয়ত ভৰ্ত্তিৰ সম্ভাৱনাক লৈ মূল্যায়ন কৰি চাইছিল বুলি গৱেষকসকলে জনায়৷ ফেবিছ নামৰ জাৰ্নেলখনত প্ৰকাশিত বৰ্তমান গৱেষণা মতে গৱেষক দলটোৱে ৭৮০৭ জন লোকৰ তথ্য পৰীক্ষা কৰিছে যাৰ সম্প্ৰতি ক’ভিড-১৯ পৰীক্ষাৰ লগতে ভিটামিন ডি ৰক্ত পৰীক্ষা কৰিছে৷ অনুসন্ধানত দেখা গৈছে যে ৰক্তত কম পৰিমাণে ভিটামিন ডি থাকিলে ক’ভিড-১৯ সংক্ৰমণৰ সম্ভাৱনাৰ সৈতে স্বতন্ত্ৰভাৱে জড়িত হিচাপে চিহ্নিত হয়৷ অধ্যয়নটোৰ মতে ৭৮০৭ জন লোকৰ ভিতৰত ৭৮২ (১০.১ শতাংশ) জন ক’ভিড-১৯ পজিটিভ আৰু ৭০২৫ (৮৯.৯ শতাংশ) নিগেটিভ আছিল৷ গৱেষকসকলে দেখিবলৈ পায় যে ক’ভিড-১৯ৰ ক্ষেত্ৰত পৰীক্ষাত পজিটিভতকৈ নিগেটিভৰ মাজত গড় প্লাজমা ভিটামিন ডি স্তৰ উল্লেখযোগ্যভাৱে কম আছিল৷ গৱেষণাৰ সময়ত দেখা গৈছিল যে ক’ভিড-১৯ পজিটিভসকল যুৱক আৰু সৰহভাগেই পুৰুষ৷ বিশ্লেষণত দেখা গৈছে যে ৫০ বছৰৰ বেছি বয়সৰ সকল ক’ৰোনাৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ সম্ভাৱনা থাকে ৷
Breaking
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ
- শ্ৰীৰামপুৰত সহস্ৰাধিক বি জে পিত যোগদান
- লতাশিলত তিনিখনকৈ বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ
- মোদী-অমিতৰ আগমনত ৰাজ্যজুৰি আছুৰ ক’লা দিৱস পালন
- ঋণ আৰু জমা বহীত বন্ধন বেংকৰ শক্তিশালী বিকাশ
- শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰিলে মোদীয়ে
- প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ Z+ নিৰাপত্তা
- সুৰাৰ ৰম্যপুৰী নগৰবেৰা : আৰক্ষী চক্ৰ বিষয়াই উৎখাত কৰিলে অবৈধ সুৰাৰ দোকান
- অসম মেঘালয় সীমান্তবৰ্তী মুদুকীত মেঘালয়ৰ অবৈধ গেট স্থাপন
- নিতৌ ডিকমত দব্বলগুুটি -জুৱা আৰু সুৰাৰ বিসৎ চক্ৰ