Breaking

পুনৰ আৰম্ভ ক’ৰোনা ভাইৰাছৰ জন্ম বিতৰ্ক : ক’ৰোনা ভাইৰাছৰ উৎস চীন চৰকাৰৰ তত্বাবধানৰ উহানৰ পৰীক্ষাগাৰ

0 1,316

দৈনন্দিন বাৰ্তা ডেস্ক : পুনৰ ক’ৰোনা ভাইৰাছৰ জন্ম বিতৰ্ক আৰম্ভ হ’ল ৷ এইবাৰ বিতৰ্কৰ সূত্ৰপাত ঘটালে লি মেং ইয়ান নামৰ এগৰাকী ভাইৰ’লজিষ্টে ৷ এক জনপ্ৰিয় টক শ্বত তেওঁ দাবী কৰে যে ক’ৰোনা ভাইৰাছৰ উৎস চীন চৰকাৰৰ তত্বাবধানত থকা উহানৰ পৰীক্ষাগাৰ ৷ ভাইৰাছটো যে মানৱ সৃষ্ট তাৰ প্ৰমাণ কৰিবৰ বাবে উপযুক্ত প্ৰমাণ তেওঁৰ হাতত আছে ৷ সেয়ে তৎকালে তেওঁ চীনৰ পৰা আঁতৰি আহে ৷ নতুবা চীন চৰকাৰে তেওঁক হত্যা কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে ভাইৰ’লজিষ্টগৰাকীয়ে ৷ উল্লেখ্য যে ভাইৰ’লজিষ্ট গৰাকীৰ জন্ম হংকঙত ৷ তেওঁ গৱেষণাৰ কাম কৰে চীনত ৷ চলিত বছৰৰ আৰম্ভণিতে তেওঁ চীনৰ পৰা পলায়ন কৰিছিল ৷ নিৰাপত্তাৰ বাবে তেওঁ মার্কিন যুক্তৰাষ্ট্ৰত আছে ৷ এক টক শ্বত এটাৰ পাচত এটাকৈ তেওঁ বিস্ফোৰক বক্তব্য ৰাখে ৷ তেওঁৰ দাবীৰ পাচতে এইবাৰ ক’ৰোনা ভাইৰাছ জন্ম বিতৰ্ক পুনৰ আৰম্ভ হৈছে ৷ উল্লেখ্য যে যোৱা বছৰৰ শেষৰ ফালে চীনৰ উহান প্ৰদেশত কৰ’না সংক্ৰমণ বৃদ্ধি পাইছিল ৷ ইয়াৰ পাচতে সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ লয় ক’ভিড-১৯য়ে ৷ বেইজিঙৰ দাবী, প্ৰাকৃতিকভাৱে এই ভাইৰাছৰ জন্ম হৈছে ৷ কিন্তু তাক মনা নাই সমগ্ৰ বিশ্বই ৷ অধিকাংশ দেশৰ দাবী, প্ৰাকৃতিকভাৱে নহয়, চীনৰ গৱেষণাগাৰতেই তৈয়াৰ হৈছে এই ভাইৰাছ ৷ ইপিনে চীনৰ দাবীৰ বিপৰীতে গৱেষকগৰাকীৰ মন্তব্য যে উহানৰ যি পৰীক্ষাগাৰৰ পৰা ক’ৰোনা ভাইৰাছ বিয়পিছে, সেইটো চীন চৰকাৰৰ তত্ত্বাৱধানত আছিল ৷ ভাইৰ’লজিষ্টগৰাকীয়ে লগতে দাবী কৰে যে ক’ৰোনা সংক্ৰমণক লৈ চীন চৰকাৰে মিছা কথা কৈছে ৷ যোৱা বছৰৰ শেষৰ ফালে চীনৰ পূৰ্বাঞ্চলত প্ৰথমে নিউমোনিয়া হিচাপে এই ৰোগ বিয়পিছিল ৷ প্ৰথম অৱস্থাত এই ৰোগ লৈ গৱেষকসকলৰ লগত আছিল ইয়ান ৷ কিন্তু যেতিয়া ৰোগীৰ সংখ্যা বাঢ়ি যায় তেতিয়া তেওঁক মৌন হৈ থাকিবলৈ কয় ৷ প্ৰাণনাশৰ ভাবুকি দিয়া হয় বুলি তেওঁ কয় ৷ ইয়ানে লগতে কয়, ক’ৰোনা ভাইৰাছৰ জিমৰ ছিকুৱেন্স মানুহৰ ফিংগাৰ প্ৰিণ্টৰ দৰে ৷ মই প্ৰমাণ দি মানুহক বুজাই দিব পাৰো যে চীনৰ পৰীক্ষাগাৰতেই এই ভাইৰাছৰ সৃষ্টি হৈছে ৷ জীৱ বিজ্ঞানৰ জ্ঞান নাথাকিলে কোনেও ইয়াক বুজিব পাৰিব ৷ নিজেই ইয়াৰ বিচাৰ কৰিব পাৰিব ৷

Leave A Reply